দুদিনীয়া ভ্ৰমণসূচীৰে তিনিচুকীয়াত কেন্দ্ৰীয় ৰাজ্যিক জনজাতি পৰিক্ৰমা মন্ত্ৰী দুৰ্গাদাস উইকে

0

তিনিচুকীয়া, ৪ ছেপ্টেম্বৰ: কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী দুৰ্গাদাস উইকে দুদিনীয়া ভ্ৰমণসূচীৰে বুধবাৰে তিনিচুকীয়াত উপস্থিত হয়। পুৱা নতুন দিল্লীৰ পৰা তিনিচুকীয়াত আহি উপস্থিত হৈয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন পৰ্যালোচনা সভাত সভাপতিত্ব কৰে। সভাত তেওঁ জিলাখনত চলিত বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্যিক আঁচনিৰ কাম-কাজৰ পৰ্যালোচনা কৰে। তেওঁ বিষয়াসকলক উদ্দেশ্যি কয় যে, সকলো চৰকাৰী আঁচনিৰ বিষয়ে পুংখানুপুংখ জ্ঞান সংশ্লিষ্ট বিষয়াসকলে আয়ত্ত কৰিব লাগে। তাৰবাবে  কৰ্মচাৰী বা অন্য ব্যক্তিৰ ওপৰত নিৰ্ভৰশীল হ’ব নালাগে। অন্যথা তেওঁ নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পৰিচালনা কৰাত সফল হ’ব নোৱাৰিব। কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী হিচাপে তেওঁ বৰ্হি ৰাজ্যলৈ প্ৰবজন বা পলায়ন কৰা জনজাতীয় লোকসকলক উক্ত স্থানতে সকলো চৰকাৰী আঁচনিৰ সুবিধাসহ নাগৰিকৰ সম্পূৰ্ণ সা-সুবিধা লাভ কৰাতো নিশ্চিত কৰিবলৈ সংশ্লিষ্ট অঞ্চলৰ প্ৰশাসনক আহ্বান জনায়। উইকেই লগতে কয় যে, সামৰ্থবান ব্যক্তিয়ে কেৱল নিজৰ সতি-সন্ততিৰ সুখ সন্তুষ্টিৰ বাবে কাম কৰাতো এক ধৰণৰ পশুতুল্য আচৰণ। প্ৰতিজন সচেতন-সংবেদনশীল ব্যক্তিয়ে সামাজিক দায়বদ্ধতাৰে দেশ আৰু সমাজৰ কাৰণে অৰিহণা আগবঢ়োৱা উচিত বুলি তেওঁ মন্তব্য কৰে। সভাৰ আৰম্ভণিতে জিলা আয়ুক্ত স্বপ্নীল পালে মন্ত্ৰী গৰাকীক ফুলাম গামোছা, ফুলৰ টোৰা আৰু শৰাইৰে আদৰণি জনায়। তেওঁ জিলাখনত চলি থকা কেন্দ্ৰীয় আৰু ৰাজ্যিক ধ্বজাবাহী আঁচনি সমূহৰ অগ্ৰগতিৰ বিষয়ে পাৱাৰ প‌ইন্ট উপস্থাপনৰ জৰিয়তে অৱগত কৰে। সভাত জিলাৰ আৰক্ষী অধীক্ষক গৌৰব অভিজিৎ দিলীপ, জিলা উন্নয়ন আয়ুক্ত পৱিত্ৰ কুমাৰ দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া গুৰনীল সিং, অতিৰিক্ত আয়ুক্ত মন্দিৰা বৰুৱা আৰু চিন্ময় পাঠক,  জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাৰ উপৰি বিভিন্ন বিভাগৰ জিলা মুৰব্বী বিষয়াসকল উপস্থিত থাকে।

Share to your Social Account

Leave a Reply

Your email address will not be published. Required fields are marked *