Murder: আকৌ শ্ৰদ্ধাকাণ্ড! প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটিলে প্ৰেমিকে
নেশ্যনেল ডেস্ক, ৮ জুন: গুৱাহাটীৰ বন্দনা কলিতাই কৰা ডাবল মাৰ্ডাৰ আৰু শ্ৰদ্ধাকাণ্ডৰ দৰে আন এক অনুৰূপ ঘটনা বুধবাৰে সংঘটিত হয় মুম্বাইত । এগৰাকী ৩২ বছৰীয়া মহিলাক তেওঁৰ লীভ-ইন পাৰ্টনাৰে হত্যা কৰি মৃতদেহটো কাটি টুকুৰা টুকুৰ কৰা এক ঘটনা পোহৰলৈ আহিছে । মুম্বাইৰ মীৰা ৰোডত এই ঘটনা সংঘটিত হৈছে ।
মীৰা ৰোডৰ আকাশদীপ চছাইটিৰ এটা ঘৰৰ পৰা আৰক্ষীয়ে দুৰ্গন্ধ ওলোৱা অভিযোগ পোৱাৰ পিচত এই ঘটনাটো পোহৰলৈ আহে । আৰক্ষীয়ে দুৱাৰখন ভাঙি মহিলাগৰাকীৰ মৃতদেহটুকুৰা টুকুৰা কৈ কাটি পেলাই থোৱাৰ অৱস্থাত প্ৰত্যেক্ষ কৰে ।
“মৃত মহিলাগৰাকী সৰাৱতী ৰেড্ডী বুলি চিনাক্ত কৰা হৈছে । তেওঁক তেওঁৰ লিভ-ইন সঙ্গী মনোজ চাইনীয়ে হত্যা কৰি কাটি টুকুৰা টুকুৰ কৰে ।” ডিচিপি জয়ন্ত বাজবালে কয় ।
প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে চাইনীয়ে হত্যাৰ পিচত মহিলাগৰাকীৰ মৃতদেহ টুকুৰা টুকুৰা কৈ কাটি তথ্য প্ৰমাণ নোহোৱা কৰিবলৈ চেষ্টা কৰিছিল।
নয়ানগৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু অপৰাধটোৰ উদ্দেশ্য আৰু ঘটনাসমূহ জানিবলৈ অধিক তদন্ত চলি আছে, ডিচিপিয়ে লগতে কয়।
এই ঘটনাটোৱে দিল্লীৰ শ্ৰদ্ধা ৱাকাৰৰ ভয়ংকৰ হত্যাকাণ্ডৰ লগতে গুৱাহাটীৰ বন্দনা কলিতাই সংঘটিত কৰা হত্যাকাণ্ডৰ কথা সকলোকে মনত পেলাই দিছে ।