আই পি এলৰ ট্ৰফি জিকিবলৈ নোৱাৰা ৫ জন তাৰকা ক্ৰিকেটাৰ কোন কোন জানেনে ?

স্পৰ্টছ ডেস্ক, ১২ ডিচেম্বৰঃ

বিৰাট কোহলী

বিৰাট কোহলীয়ে হৈছে বৰ্তমানলৈকে আই পি এলৰ খিতাপ অৰ্জন নকৰা বিশ্বৰ শ্ৰেষ্ঠ তাৰকা খেলুৱৈ। আৰ চি বিৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে এতিয়ালৈকে আই পি এলৰ প্ৰতিটো ছিজনতে খেলি আহি ধাৰাবাহিকভাৱে প্ৰদৰ্শন কৰি আহিছে।

কিন্তু আৰ চি বিয়ে এতিয়াও আই পি এলৰ খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে বিৰাট কোহলীয়েও দীৰ্ঘদিন ধৰি আৰচিবিক নেতৃত্ব দিছিল। ২০১৩ চনৰ পৰা ২০২১ চনলৈকে আৰচিবিৰ অধিনায়কৰ দায়িত্বত আছিল বিৰাট কোহলী। তেওঁৰ অধিনায়কত্বত আৰ চি বিয়ে এখন ফাইনেলও খেলিছিল কিন্তু খিতাপ অৰ্জন কৰিব নোৱাৰিলে।

এ বি ডিভিলিয়াৰ্ছ

আই পি এলত দীৰ্ঘদিন ধৰি আৰচিবিক প্ৰতিনিত্ব কৰিছিল এ বি ডিভিলিয়াৰ্ছে।  দক্ষিন আফ্ৰিকাৰ প্ৰাক্তন তাৰকা খেলুৱৈ জনে আই পি এলৰ দুখন ফাইনেল খেলিছিল। আই পি এলৰ প্ৰথম ৩টা ছিজনত দিল্লী কেপিটেলছক প্ৰতিনিধিত্ব কৰি ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুলৈ য়ায।

আৰ চি বিৰ সৈতে প্ৰথম ছিজনতে আই পি এলৰ ফাইনেল খেলিছিল এ বি ডিভিলিয়াৰ্ছে। সেই খেল খনত ফাইনেলত চেন্নাই ছুপাৰ কিংছৰ হাতত পৰাস্ত হয় ডেনিয়েল ভেট্টৰীৰ নেতৃত্বাধীন আৰ চি বি। ডিভিলিয়াৰ্ছ আই পি এল ২০১৬ৰ ফাইনেলতো অংশ লৈছিল সেই খেলখনত  আৰ চি বি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত পৰাস্ত হৈছিল।

ক্ৰীছ গেইল

আই পি এলত দীৰ্ঘদিনীয়া কেৰিয়াৰ আছিল ক্ৰীছ গেইলৰ। ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুল, পঞ্জাব কিংছ, কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ আই পি এল খেলিছিল বিশ্ব ক্ৰিকেটৰ অন্যতম তথা ৱেষ্ট ইণ্ডিজ দলৰ প্ৰাক্তন তাৰকা খেলুৱৈ ক্ৰীছ গেইলে।   আইপিএলৰ কেৰিয়াৰ তেওঁ কলকাতা নাইট ৰাইডাৰ্ছৰ সৈতে আৰম্ভ কৰিছিল।

গেইলে ২০১৮ চনৰ পৰা ২০২১ চনলৈকে পঞ্জাব কিংছৰ হৈ খেলিছিল। ক্ৰীছ গেলে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ হৈ আই পি এলৰ দুখন ফাইনেল খেলিছিল। বেংগালুৰুস্থিত এই ফ্ৰেঞ্চাইজিটোৱে আই পি এল ২০১১ আৰু ২০১৬ চনৰ ফাইনেলত পৰাস্ত হৈছিল। কেকেআৰ বা পঞ্জাব কিংছৰ হৈ কোনো প্লে অফ খেল খেলা নাছিল গেলে।

কে এল ৰাহুল

এটা দশক ধৰি আই পি এল খেলি আছে ভাৰতৰ তাৰকা খেলুৱৈ কে এল ৰাহুলে, কে এল ৰাহুলেও এই পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হোৱা নাই কোনো ট্ৰফি। উইকেটকিপাৰ বেটছমেনগৰাকীয়ে আৰ চি বিৰ হৈতে আই পি এল কেৰিয়াৰ আৰম্ভ কৰিছিল।

আই পি এল ২০১৬ৰ ফাইনেলত বিৰাট কোহলী নেতৃত্বত আৰ চি বিৰহৈ অংশ লৈছিল কে এল ৰাহুলে। ২০১৮ চনৰ পৰা ২০২১ চনলৈ তেওঁ পঞ্জাৱ কিংছৰ হৈ প্ৰতিনিধিত্ব কৰিছিল তাৰকা খেলুৱৈ গৰাকীয়ে। ইয়াৰ উপৰিও চান ৰাইজাচ হায়দৰাবাদৰ হৈও অংশ লৈছিল কে এল ৰাহুলে। ২০২২ চনৰ পৰা ৰাহুলে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়কত্ব লৈ খেলি আছে।

ৰাহুল দ্ৰাবিড়

ভাৰতৰ প্ৰাক্তন তাৰকা খেলুৱৈ তথা বৰ্তমান ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিদে আই পি এলৰ ৬টা ছিজনত অংশ লৈছিল। ৬ খন আই পি এল খেলিছিল যদিও ট্ৰফী তুলিবলৈ ব্যৰ্থ হয় তাৰকা খেলুৱৈ গৰাকী। ২০০৯ চনৰ আই পি এলৰ ফাইনেলত ডেকান চাৰ্জাৰ্ছৰ হাতত পৰাস্ত হৈছিল আৰ চি বি।

সেই বছৰ তেওঁ আৰ চি বি দলৰ হৈ প্ৰতিনিত্ব কৰিছিল।  ২০১১ চনত ৰাজস্থান ৰয়েলছত যোগদান কৰা ৰাহুল দ্ৰাবিড়ে ৰাজস্থান ৰয়েলছৰ সৈতে তিনি বছৰ খেলিছিল। এই তিনি বছৰত ৰাজস্থানে আই পি এলৰ এবাৰো ফাইনেল খেলিবলৈ সক্ষম হোৱা নাছিল।

Share to your Social Account