আচৰিত! চুৰি হ’ল ৫০ মিটাৰ দৈৰ্ঘ্যৰ মোবাইল টাৱাৰ

নেশ্যনেল ডেস্ক, ১ ডিচেম্বৰ: বিহাৰত ৬০ ফুট দীঘল লোৰ দলং চুৰি হোৱাৰ এবছৰ পিছত উত্তৰ প্ৰদেশৰ কৌশাম্বী জিলাৰ উজ্জয়িনী গাঁৱত ১০ টনতকৈও অধিক ওজনৰ এটা ৫০ মিটাৰ ওখ মোবাইল টাৱাৰ চুৰি হোৱাৰ ঘটনা পোহৰলৈ আহিছে। বিগত ২৯ নৱেম্বৰত এগৰাকী টেকনিচিয়ানে আৰক্ষীক এই কথা সদৰী কৰে । কিন্তু তেওঁ আৰক্ষীক দাখিল কৰা অভিযোগ অনুসৰি ৩১ মাৰ্চতে সন্ধানহীন হৈছিল টাৱাৰটো । আৰক্ষীয়ে তেওঁৰ অভিযোগৰ ওপৰত ভিত্তিত আইপিচিৰ ধাৰা ৩৭৯ (চুৰি)ৰ অধীনত এক গোচৰ ৰুজু কৰিছে ।

কেৱল টাৱাৰেই নহয়, এটা তম্বু, আন বৈদ্যুতিক সামগ্ৰী, মোবাইল টাৱাৰ জোৰা লগোৱা সকলো অংশকে ধৰি মুঠ ৮.৫ লাখ টকাৰ সামগ্ৰী চুৰি হৈছে । এই সন্দৰ্ভত সম্প্ৰতি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

Share to your Social Account