নিউজ ডেস্ক, ১৪ জুনঃ পুনৰ ৰক্তাক্ত হ’ল মণিপুৰ ৷ এইবাৰ মণিপুৰৰ এটা গীৰ্জাত দুৰ্বৃত্তৰ গুলীচালনা ৷ মণিপুৰত দুৰ্বৃত্তৰ গুলীত নিহত মহিলাসহ নিহত ৯ গৰাকী লোক ৷ আহত হৈছে প্ৰায় ১১ গৰাকী লোক ৷ বুধবাৰে নিশা পূব ইম্ফলৰ খামেনলকৰ এটা গীৰ্জাত এই গুলীচালনা সংঘটিত হয় ৷ গীৰ্জাটোত আছিল ২৫ জনতকৈয়ো অধিক লোক ৷ আহতসকল বৰ্তমান ইম্ফলৰ ৰাজ মেডিচিটি চিকৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ ঘটনাৰে কুকি উগ্ৰপন্থী জড়িত থকাৰ সন্দেহ ৷