অনুচ্ছেদ ৩৭০; উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছতে মেহবুবা মুফতীক গৃহবন্দী

নিউজ ডেস্ক, ১১ ডিচেম্বৰঃ উচ্চতম ন্যায়ালয়ে ১১ ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ ৩৭০ অনুচ্ছেদৰ অধীনত জম্মু আৰু কাশ্মীৰৰ বাবে বিশেষ মৰ্যাদা বাতিল কৰাৰ সিদ্ধান্ত বহাল ৰাখে আৰু বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অহা বছৰৰ ৩০ ছেপ্টেম্বৰৰ সময়সীমা নিৰ্ধাৰণ কৰে।

শীৰ্ষ ন্যায়ালয়ৰ ৰায়দানৰ পিছত, পিপলছ ডেমক্ৰেটিক পাৰ্টিৰ মুৰব্বী মেহবুবা মুফতীয়ে দাবী কৰে যে তেওঁৰ লগতে ৰাজ্যখনৰ ৰাজনৈতিক নেতাসকল গৃহবন্দী কৰা আছে। অৱশ্যে, জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই এই ভিত্তিহীন বুলি মন্তব্য কৰিছে।

ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি তেওঁ সংবাদ সংস্থা এএনআইৰ উদ্ধৃতি অনুসৰি কয়, “আজি জম্মু-কাশ্মীৰ কাৰাগাৰলৈ ৰূপান্তৰিত কৰা হৈছে আৰু সকলো দোকানীক নিৰ্দেশ দিয়া হৈছে যে তেওঁলোকে পুৱা ১০ বজাৰ আগতে তেওঁলোকৰ দোকান খুলিব নালাগে। আমাক গৃহবন্দী কৰি ৰখা হৈছে।”

উচ্চতম ন্যায়ালয়ৰ ৰায় সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰি তেওঁ কয়, “… আমি হতাশ হোৱা উচিত নহয়… জে এণ্ড কে-য়ে কেইবাটাও উত্থান-পতন দেখিছে… অনুচ্ছেদ 370 এক অস্থায়ী ব্যৱস্থা বুলি উল্লেখ কৰা উচ্চতম ন্যায়ালয়ৰ ৰায়, আমাৰ পৰাজয় নহয়, কিন্তু ভাৰতৰ ধাৰণাটোৰ পৰাজয়… ।
তেওঁ লগতে কয় যে এইটো এক ৰাজনৈতিক যুদ্ধ যি যুগ যুগ ধৰি চলি আহিছে, আৰু ইয়াৰ বাবে বহুলোকে নিজৰ জীৱন উৎসৰ্গা কৰিছে। তেওঁ আৰু কয়, “আমি হাৰ নামানো, আমি একেলগে আহি যুঁজ দিব লাগিব…।”

মেহবুবা মুফতিৰ দাবীক প্ৰত্যাখ্যান কৰি সিনহাই কয় যে জে এণ্ড কেৰ ৰাজনৈতিক কাৰণত কাকো গৃহবন্দী বা গ্ৰেপ্তাৰ কৰা হোৱা নাই। “এয়া উৰাবাতৰি বিয়পোৱাৰ এটা প্ৰয়াস ।

শীৰ্ষ ন্যায়ালয়ে জম্মু-কাশ্মীৰত ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰৰ নিৰ্দেশ দিয়াৰ সময়ত লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে পুনৰ গঠন সন্দৰ্ভত কেন্দ্ৰৰ সিদ্ধান্তক বাহাল ৰাখে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কিষাণ কৌলে এটা পৃথক কিন্তু সন্মত ৰায়ত কয় যে অনুচ্ছেদ ৩৭০ অস্থায়ী।

Share to your Social Account