বিজেপিৰ ৱাশ্বিং মেচিনত গা পখলাৰ যো-জা কমল মেধি-দীপাংক কুমাৰ নাথৰ
নিউজ ডেস্ক, ১২ ডিচেম্বৰঃ শীঘ্ৰেই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা কমল মেধি আৰু দীপাংক কুমাৰ নাথৰ । এই দুয়োগৰাকী নেতাই বিজেপিত যোগদান কৰিব বুলি সম্প্ৰতি ব্যাপক চৰ্চা চলিছে ।
উল্লেখ্য যে এসময়ৰ ৰাইজৰ দলৰ নেতা কমল মেধিয়ে আম আদমী পাৰ্টীত যোগদান কৰিছিল । কিন্তু আম আদমী পাৰ্টীৰ পৰা তেওঁক নিলম্বন কৰা হয় । ৰাইজৰ দল আৰু আম আদমী পাৰ্টীৰ পাছত বিজেপি যোগদানৰ বাবে এতিয়া যো-জা চলাইছে কমল মেধিয়ে । জানিব পৰা মতে কাইলৈ অৰ্থাৎ বুধবাৰে বাজপায়ী ভৱনত গেৰুৱা বসন পিন্ধিব কমল কুমাৰ মেধীয়ে ।
কমল কুমাৰ মেধিৰ লগতে এতিয়া চৰ্চা চলিছে যে আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথেও বিজেপিত যোগদান কৰিব । স্মৰ্তব্য যে ব্যক্তিগত কাৰণত আছু ত্যাগ কৰিছিল দীপাংক কুমাৰ নাথে। ইয়াৰ পাছৰে পৰা বহু দিন প্ৰেক্ষাপটৰ পৰা বাহিৰত আছিল দীপাংক নাথ ।
এসময়ত জাতীয়তাবাদৰ শ্লোগান দিয়া দীপাংক নাথেও গেৰুৱা হোৱাৰ প্ৰস্তুতি চলাইছে বুলি ব্যাপক চৰ্চা হৈছে । মন কৰিবলগীয়া যে কা আন্দোলনৰ প্ৰেক্ষাপটত অখিল গগৈৰ নেতৃত্বত জন্ম হৈছিল ৰাইজৰ দল । সেই ৰাইজৰ দলৰেই নেতা কমল মেধি এতিয়া অৱৰ্তীৰ্ণ হৈছে আয়া ৰাম গয়া ৰামৰ ৰূপত । কাৰণ গাৰ কাপোৰ সলোৱাৰ দৰে নিজৰ মুনাফা আদায়ৰ বাবে ৰাজনৈতি দল সলনি কৰিছে কমল কুমাৰ মেধিয়ে ।
গেৰুৱা বল্কল পিদ্ধি এতিয়া উৰ্ধবাহু মেলি নৃত্য কৰিবলৈ সাজু হৈছে এসময়ৰ জাতীয়তাবাদী নেতাগণ ।