ভজন লাল শৰ্মা ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী; দীয়া কুমাৰী-প্ৰেম চান্দ বেইৰৱা উপ-মুখ্যমন্ত্ৰী

নেশ্যনেল ডেস্ক, ১২ ডিচেম্বৰঃ বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত বিজেপিৰ পৰ্যৱেক্ষক সমিতিয়ে ঘোষণা কৰিলে ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ নাম ।

ভাৰতীয় জনতা পাৰ্টীয়ে মঙলবাৰে ভজন লাল শৰ্মাক ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী মুখ হিচাপে ঘোষণা কৰে। অতি প্ৰত্যাশিতভাৱে চাংগেনাৰৰ ৫৬ বছৰীয়া বিধায়কজনক বিধায়িনী দলৰ নেতা হিচাবে ঘোষণা কৰে পৰ্যৱেক্ষক সমিতিয়ে ।

তিনিজনীয়া কেন্দ্ৰীয় পৰ্যবেক্ষকৰ এটা দলৰ নেতৃত্ব দীয়া কুমাৰী আৰু প্ৰেম চান্দ বৈৰৱাই উপ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব বুলি জ্যেষ্ঠ বিজেপি নেতা ৰাজনাথ সিঙে সদৰী কৰে ।

আনহাতে বাসুদেৱ দেৱনানী ৰাজ্যিক বিধানসভাৰ অধ্যক্ষ হ’ব।

Share to your Social Account