ভাৰতীয় পুঁজিপতিসকলৰ সম্পত্তিৰ পৰিমাণ কিমান জানেনে ? সমীক্ষা দেখিলে আচৰিত হ’ব আপুনিও!

নিউজ ডেস্ক, ১৩ ডিচেম্বৰঃ বিশ্বৰ অন্যান্য সম্পদশালী পুঁজিপতিসকলৰ তুলনাত পাছপৰি ৰোৱা নাই ভাৰতীয় পুঁজিপতিও। সম্পত্তিৰ পৰিমাণ নাই কোটিৰ ঘৰত আছে বিলিয়নত। এক বিলিয়ন মানে ভাৰতীয় টকাৰ হিচাপত এশ কোটি। ভাৰতীয় পুঁজিপতিৰ সম্পত্তিৰ তালিকাক লৈ এতিয়া যেন প্ৰতিজন ভাৰতীয়ই গৌৰৱ কৰিব পাৰে।
২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা ১৪০ কোটি ৭৬ লাখ। তাৰ বিপৰীতে শেহতীয়া পৰিসংখ্যা অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ ২৪.৮৫ শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত। গাঁও অঞ্চলত ইয়াৰ পৰিমাণ ৩২.৫৯ শতাংশ। কিন্তু ভাৰতবৰ্ষৰ পুঁজিপতিৰ আয়ৰ পৰিসংখ্যা চকুতলগা।
এই তালিকাৰ শীৰ্ষত আছে মুকেশ আম্বানী। এছিয়া মহাদেশৰ শীৰ্ষত আৰু বিশ্বৰ পোন্ধৰ নম্বৰ ধৰ্ণাঢ্য ব্যক্তিৰ তালিকাত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হোৱা ৰিলায়েন্স কোম্পানীৰ মালিক মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ ৯২.১২ বিলিয়ন।
তালিকাৰ দ্বিতীয় স্থানত আছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অতি ঘনিষ্ঠ বুলি জনাজাত গৌতম আদানী। গুজৰাটৰ এইজন পুঁজিপতিৰ সম্পত্তিৰ পৰিমাণ ৮৫.১৫ বিলিয়ন। উল্লেখ্য যে ২০২২ বৰ্ষত টাইম আলোচনীয়ে বিশ্বৰ এশজন প্ৰভাৱশালী ব্যক্তিৰ তালিকাত গৌতম আদানীক স্থান দিছিল।
তালিকাৰ তৃতীয় স্থানত থকা পুঁজিপতিগৰাকী হ’ল–শিৱ নাদাৰ। এইছ চি এল টেকন’লজিৰ প্ৰতিষ্ঠাপক চেয়াৰমেন শিৱ নাদাৰৰ সম্পত্তিৰ পৰিমাণ হ’ল ৩১.৫৯ বিলিয়ন।
তালিকাৰ চতুৰ্থ স্থানত থকা ভাৰতীয় পুঁজিপতিগৰাকী হ’ল সাবিত্ৰী দেৱী জিণ্ডাল। উল্লেখ্য যে ভাৰতীয় মহিলা পুঁজিপতি শীৰ্ষত থকা সাবিত্ৰী জিণ্ডালৰ সম্পত্তিৰ পৰিমাণ ২৪.ছ বিলিয়ন। পূৰ্বৰ লোকসভাৰ সাংসদ আৰু উদ্যোগপতি নবীন জিণ্ডালৰ মাতৃ সাবিত্ৰী জিণ্ডাল এগৰাকী ৰাজনীতিবিদো।
এই তালিকাত পঞ্চম স্থান লৈছে চাইৰাছ পুনাৱালাই। চাইৰাছ পুনাৱালাৰ সম্পত্তিৰ পৰিমাণ হ’ল ২০.জ্জ বিলিয়ন। বিশ্বৰ সৰ্বাধিক ভেকচিন নিৰ্মাতা হিচাবে স্বীকৃতি লাভ কৰা চাইৰাচ পুনাৱালা গুজৰাটৰ পাৰ্চি সম্প্ৰদায়ৰ লোক।
তালিকাৰ ষষ্ঠ স্থানত আছে দিলীপ শান্তিলাল চাংভি। বিখ্যাত চান ফাৰ্মাচিউটিকেলৰ প্ৰতিষ্ঠাপক দিলীপ শান্তিলাল চাংভিৰ সম্পত্তিৰ পৰিমাণ ২০.৩৯ বিলিয়ন।
এই তালিকাত সপ্তম স্থান লৈছে ৰাধাকৃষ্ণণ দামানীয়ে। এভিনিউ চুপাৰ মাৰ্টছ লিমিটেডৰ স্বত্ত্বাধিকাৰী ৰাধাকৃষ্ণণ দামানীৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৯.৪২ বিলিয়ন।
তালিকাৰ অষ্টম স্থানত আছে সকলোৰে পৰিচিত লক্ষ্মী মিট্টাল। ষ্টীল নিৰ্মাণৰ ক্ষেত্ৰত বিশ্বৰ দ্বিতীয় স্থানত থকা লক্ষ্মী নাৰায়ণ মিট্টালক ইণ্ডিয়ান ষ্টীল মেগনেট নামেৰে জনা যায় যাৰ সম্পত্তিৰ পৰিমাণ ১৮.৭৯ বিলিয়ন।
কুমাৰ বিৰলাও এই তালিকাত পাছপৰি ৰোৱা নাই। তালিকাৰ নৱম স্থানত থকা আদিত্য বিৰলা গ্ৰুপৰ চেয়াৰপাৰ্চন কুমাৰ মংগলম বিৰলাৰ সম্পত্তিৰ পৰিমাণ ১৭.১৯ বিলিয়ন।
তালিকাৰ শেষত আছে উদয় কটাক। কটাক মহিন্দ্ৰা বেংকৰ প্ৰতিষ্ঠাতা উদয় সুৰেশজী কটাকৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৩.2 বিলিয়ন।
উল্লেখ্য যে সময়ে সময়ে বিভিন্ন অৰ্থনৈতিক সমীক্ষাত এই তালিকাৰ অক’মান ইফাল-সিফাল হ’লেও ভাৰতীয় পুঁজিপতি বা উদ্যোগী থমকি ৰোৱা নাই।