অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ কাৰ্যকাল পৰৱৰ্তী তিনি মাহলৈ বৃদ্ধি
নিউজ ডেস্ক, ১৩ ডিচেম্বৰঃ অহা ১ জানুৱাৰীত চাকৰিৰ পৰা অৱসৰ পাবলগীয়া মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ কাৰ্যকাল তিনিমাহলৈ বৃদ্ধি কৰা হ’ল । অহা ৩১ মাৰ্চলৈ তেওঁ মুখ্য সচিবৰ দায়িত্বত থাকিব ।
জেষ্ঠতাৰ ভিত্তিত পৰৱৰ্তী মুখ্য সচিব হোৱাৰ সম্ভাৱনা ৰবিশংকৰ প্ৰসাদ । ৰবিশংকৰ প্ৰসাদৰ কাৰ্যকাল আছে অহা বৰ্ষৰ ৩১ আগষ্টলৈ ।
তেওঁৰ পিছতেই তালিকাত আছে চৈয়দ্দিন আব্বাচী । তেওঁৰ কাৰ্যকাল আছে ২০২৭ বৰ্ষৰ ৩১ জানুৱাৰী পৰ্যন্ত । তেওঁৰ পিচত মুখ্য সচিবৰ দাবীদাৰ এ-কে-ভূটানী । তেওঁৰ কাৰ্যকাল আছে ২০২৭ চনৰ ৩১ ছেপ্টেম্বৰ পৰ্যন্ত ।
এই কেইগৰাকী ১৯৯০,১৯৯২ চনৰ আই-এছ-কেডাৰৰ বিষয়া । পৰৱৰ্তী মুখ্য সচিবৰ বাবে যুজঁখন এতিয়া মূলতঃ আব্বাচী আৰু ভূটানীৰ মাজত চলিব বুলি জানিব পৰা গৈছে । আব্বাচী ৰাজ্যৰ আই-এ-এছ সন্থাৰ সভাপতিও । পিছে দুয়োজনৰ বিৰুদ্ধে আছে কেলেংকাৰীৰ অভিযোগ ।
আব্বাচী অগপ আমোলত কৃষি বিভাগৰ চেলো টিউবেল কেলেংকাৰী আৰু ভূটানী কংগ্ৰেছ আমোলৰ লুইছ বাৰ্জাৰ কেলেংকাৰীত জড়িত । তথাপি এই দুজনৰ মাজৰে কোনোবা এজন পৰৱৰ্তী মুখ্য সচিব হোৱাৰ সম্ভৱনা আছে ।
কিন্তু মনকৰিবলগীয়া কথা এয়ে যে ২০০৮ চনৰ কেডাৰ পৰ্যন্ত অসমীয়া আই-এ-এছ বিষয়া প্ৰশাসনত নথকা বাবে অহা প্ৰায় ২০৪৫ পয্যন্ত অসমীয়া বিষয়াই ৰাজ্যৰ মুখ্য সচিব পদত বহাৰ সুবিধা নাপাব ।
সুদীৰ্ঘ কালৰ পিচত ২০০৯ চনত পোনপটীয়াকৈ আই-এছ-এছ কেডাৰ পোৱা অসমীয়া বিষয়াদ্বয় হৈছে বৰ্নালী ডেকা আৰু বিশ্বজিৎ পেগু ।