এইবাৰ যোৰহাটত আলফা স্বাধীনৰ গ্ৰেণেড বিস্ফোৰণ

0

নিউজ ডেস্ক, ১৪ ডিচেম্বৰঃ কাকপথাৰ, শিৱসাগৰ পাছত এইবাৰ যোৰহাটত গ্ৰেণেড বিস্ফোৰণ সংঘটিত কৰিলে আলফা স্বাধীনে । যোৰহাটৰ ৰাইন’ সেনা চাউনীৰ সমীপত এই বিস্ফোৰণ সংঘটিত কৰা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে কিছুদিন পূৰ্বে কাকপথাৰ আৰু শিৱসাগৰত গ্ৰেণেড বিস্ফোৰণ সংঘটিত কৰিছিল আলফা স্বাধীনে । ধাৰাবাহিকভাৱে আলফা স্বাধীনে সংঘটিত কৰা এই বিস্ফোৰণে এতিয়া ৰাজ্যৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন তুলিছে । উল্লেখ্য যে বৃহস্পতিবাৰে প্ৰায় ৭.২১ মিনিটত এই বিস্ফোৰণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।

ইতিমধ্যেই আলফা স্বাধীনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে ।

Share to your Social Account

Leave a Reply

Your email address will not be published. Required fields are marked *