১০৫ কোটিটকীয়া SCERT কেলেংকাৰীৰ মূল অভিযুক্ত শেৱালী দেৱী শৰ্মাৰ জামিন নাকচ
![](https://assamtribune.com/h-upload/2023/05/08/1499301-sewali.webp)
নিউড ডেস্ক, ১৬ ডিচেম্বৰঃ IAS শেৱালি দেৱী শৰ্মাৰ জামিন নাকচ কৰা হ’ল ৷ শনিবাৰে বিশেষ ন্যায়াধীশৰ আদালতে নাকচ কৰিলে শেৱালি দেৱীৰ জামিন৷
উল্লেখ্য যে SCERTৰ ১০৫ কোটিটকীয়া কেলেংকাৰিৰ মূল অভিযুক্ত আছিল শেৱালি৷ বৰ্তমান কেন্দ্ৰীয় কাৰাগাৰতে আছে শেৱালি দেৱী শৰ্মা ৷
স্মৰ্তব্য যে ২৮ জুলাইত মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে SCERTৰ ১০৫ কোটিটকীয়া কেলেংকাৰী সন্দৰ্ভত ১৪৩৩ পৃষ্ঠা জোৰা অভিযোগ নামা দাখিল কৰিছিল । এই সমগ্ৰ কেলেংকাৰীত নাম সাঙুৰ খায় পৰিছিল সাংবাদিক আৰু RTI কৰ্মীৰ লগতে বহু লোকৰ ।
মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ তদন্তত পোহৰলৈ আহে যে ২৭,৮৯৭ গৰাকী শিক্ষকৰ পৰিৱৰ্তে ১,০৬,৮২৮ গৰাকী শিক্ষকক ভুৱাকৈ প্ৰশিক্ষণ দিয়া দেখুৱাই ধন হৰলুকী কৰা হৈছিল ৷ কাগজে-কলমে শিক্ষকক প্ৰশিক্ষণ দিয়া দেখুৱাই শেৱালি দেৱী শৰ্মাই ২০১৭ চনৰ পৰা ২০২২ চনলৈ সংগ্ৰহ কৰা ১০৫ কোটি টকা ব্যয় কৰাৰ হিচাপ দেখুৱায় ৷
এই কথা পোহৰলৈ অহাৰ পাছতে একাংশ RTI কৰ্মী আৰু সাংবাদিকে শেৱালী দেৱী শৰ্মাক ব্লেক মেইল কৰি হৰলুকি কৰিছিল লাখ লাখ টকা ।