Home / Regional / Assam / ১০৫ কোটিটকীয়া SCERT কেলেংকাৰীৰ মূল অভিযুক্ত শেৱালী দেৱী শৰ্মাৰ জামিন নাকচ

১০৫ কোটিটকীয়া SCERT কেলেংকাৰীৰ মূল অভিযুক্ত শেৱালী দেৱী শৰ্মাৰ জামিন নাকচ

নিউড ডেস্ক, ১৬ ডিচেম্বৰঃ IAS শেৱালি দেৱী শৰ্মাৰ জামিন নাকচ কৰা হ’ল ৷ শনিবাৰে বিশেষ ন্যায়াধীশৰ আদালতে নাকচ কৰিলে শেৱালি দেৱীৰ জামিন৷

উল্লেখ্য যে SCERTৰ ১০৫ কোটিটকীয়া কেলেংকাৰিৰ মূল অভিযুক্ত আছিল শেৱালি৷ বৰ্তমান কেন্দ্ৰীয় কাৰাগাৰতে আছে শেৱালি দেৱী শৰ্মা ৷

স্মৰ্তব্য যে ২৮ জুলাইত মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে SCERTৰ ১০৫ কোটিটকীয়া কেলেংকাৰী সন্দৰ্ভত ১৪৩৩ পৃষ্ঠা জোৰা অভিযোগ নামা দাখিল কৰিছিল । এই সমগ্ৰ কেলেংকাৰীত নাম সাঙুৰ খায় পৰিছিল সাংবাদিক আৰু RTI কৰ্মীৰ লগতে বহু লোকৰ ।

মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ তদন্তত পোহৰলৈ আহে যে ২৭,৮৯৭ গৰাকী শিক্ষকৰ পৰিৱৰ্তে ১,০৬,৮২৮ গৰাকী শিক্ষকক ভুৱাকৈ প্ৰশিক্ষণ দিয়া দেখুৱাই ধন হৰলুকী কৰা হৈছিল ৷ কাগজে-কলমে শিক্ষকক প্ৰশিক্ষণ দিয়া দেখুৱাই শেৱালি দেৱী শৰ্মাই ২০১৭ চনৰ পৰা ২০২২ চনলৈ সংগ্ৰহ কৰা ১০৫ কোটি টকা ব্যয় কৰাৰ হিচাপ দেখুৱায় ৷

এই কথা পোহৰলৈ অহাৰ পাছতে একাংশ RTI কৰ্মী আৰু সাংবাদিকে শেৱালী দেৱী শৰ্মাক ব্লেক মেইল কৰি হৰলুকি কৰিছিল লাখ লাখ টকা ।

Share to your Social Account
Tagged: