অৰুণাচলৰ প্ৰাক্তন বিধায়ক য়ুমচেন মাতেক হত্যা উগ্ৰপন্থীৰ

নিউজ ডেস্ক, ১৬ নৱেম্বৰঃ অৰুণাচল প্ৰদেশৰ প্ৰাক্তন বিধায়ক য়ুমচেম মাতেক তিৰাপ জিলাৰ ইণ্ডো-ম্যানমাৰ সীমান্তৰ ওচৰত হত্যা অচিনাক্ত দুৰ্বৃত্তৰ ।

শনিবাৰে সন্ধিয়া সংঘটিত হয় এই ঘটনা । খোনচা পশ্চিম সমষ্টিৰ প্ৰাক্তন বিধায়কজনক সন্দেহযুক্ত উগ্ৰপন্থীয়ে হত্যা কৰাৰ আশংকা ।

জানিব পৰা মতে, বিধায়কগৰাকীক লাজু চক্ৰৰ ৰাহো গাঁৱৰ এটা সামাজিক অনুষ্ঠানৰ পৰা অপহৰণ কৰা হৈছিল। তাৰ পিছত তেওঁক সীমান্ত অঞ্চললৈ লৈ যোৱা হয় আৰু নিৰ্মমভাৱে ভাৱে হত্যা কৰা হয়। হত্যাকাৰী ম্যানমাৰ দিশ পলায়ন কৰাৰ  সন্দেহ ।

য়ুমচেম মাটে টিৰাপ জিলাৰ OLLO  সম্প্ৰদায়ৰ লোক আছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ২০০৯ৰ পৰা বিধায়ৰ হিচাবে নিৰ্বাচিত হৈছিল।

তেওঁ ১৯৯২-৯৩ চনত অৰুণাচল প্ৰদেশৰ ইটানগৰৰ চৰকাৰী মহাবিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত অনাৰ্ছসহ স্নাতক ডিগ্ৰী লাভ কৰা OLLO সম্প্ৰদায়ৰ প্ৰথম ব্যক্তি আছিল। লগতে তেওঁ চাংলাং জিলাত জিলা প্ৰাপ্তবয়স্ক শিক্ষা বিষয়া (District Adult Education Officer) হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

উল্লেখ্য যে শেহতীয়াকৈ ২০১৫ চনত য়ুমচেম মাতেয়ে বিজেপি দলত যোগদান কৰিছিল।

Share to your Social Account