দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিড-১৯ৰ সংক্ৰমণ; কৰ্ণাটকত মাস্ক পিন্ধাৰ পৰামৰ্শ

0

নেশ্যনেল ডেস্ক, ২০ ডিচেম্বৰঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত মঙলবাৰৰ দিনটোত ১৪২গৰাকী লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হয় । তথ্য অনুসৰি সম্প্ৰতি দেশত সক্ৰিয়া ক’ভিড ৰোগীৰ সংখ্যা ১৯৭০লৈ বৃদ্ধি পাইছে ।

স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া আপডেটত কোৱা হৈছে যে কৰ্ণাটকত ক’ভিড আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হোৱাৰ পিছত  মৃত্যুৰ সংখ্যা ৫,৩৩,৩১৮ ত উপনীত হৈছে।

তথ্য অনুসৰি সোমবাৰৰ দিনটোলৈকে দেশত ৬জন লোকৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে । ইয়াৰে কেৰালাত ৫জন আৰু উত্তৰ প্ৰদেশত এজন । মঙলবাৰে কৰ্ণাটকত এজন ক’ভিড-১৯ ৰোগীৰ মৃত্যুৰ হোৱাৰ পিছত মৃত্যুৰ সংখ্যা এতিয়া সাতলৈ বৃদ্ধি পাইছে।

কেৰালাত এটা দিনতে ১১৫ টা ক’ভিড-১৯ টা সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে । বৰ্তমান ৰাজ্যখনত মুঠ সক্ৰিয় ঘটনা হৈছে ১,৭৪৯ টা। কেৰালাৰ চুবুৰীয়া ৰাজ্য কৰ্ণাটকত সোমবাৰে এটা মৃত্যুৰ সৈতে ১০ টা ক’ভিড-১৯ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে ।

ইফালে, কৰ্ণাটকৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী দিনেশ গুণ্ডু ৰাৱে সোমবাৰে জ্যেষ্ঠ নাগৰিক আৰু ৰোগীসকলক মাস্ক পিন্ধাৰ পৰামৰ্শ প্ৰদান কৰিছে।

Share to your Social Account

Leave a Reply

Your email address will not be published. Required fields are marked *