অসম মালা আঁচনিৰ পথ নিৰ্মাণত ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণৰ দাবী; ডিৰাক সোনজানত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
নিউজ ডেস্ক, ২২ ডিচেম্বৰঃ অসম মালা আঁচনিৰ অধীনত পথ নিৰ্মাণ হোৱা ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণৰ দাবীত আজি অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ডিৰাক সোনজানত স্থানীয় ৰাইজে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে।
উল্লেখ্য যে ২০১৬ চনত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰ অহাৰ পিছতে মাৰ্ঘেৰিটা সমষ্টিৰ বুঢ়ীদিহিং মৌজাৰ বাবে ২০২১ চনত ‘অসম মালা’ ৰ্শীষক আচঁনি নামেৰে অসম অৰুণাচলৰ প্ৰান্তে-প্ৰান্তে অসমৰ সীমনা গাঁও, পঞ্চায়ত সামৰি শ-শ কোটি টকা খৰচেৰে পথ নিৰ্মাণৰ আঁচনি হাতত লৈছিল।
পথ নিৰ্মাণৰ শুভাৰম্ভৰ দিন ২০২১ চনতেই ঘোষণা হৈ কিছু কিছু কামৰো একাংশ আৰম্ভণি হৈ যায়। পৰৱৰ্তী সময়ত পথ নিৰ্মাণ কৰিবলৈ যাওঁতে যিসকল পৰিয়ালে নিজৰ মাটি, ঘৰ, ফল-মূল, খেতি হেৰুৱাব তাৰ তালিকা অসম চৰকাৰৰ প্ৰতিনিধিয়ে বত্তমানলৈকে তিনিবাৰকৈ প্ৰস্তুতি সম্পন্ন কৰে ।
শেহতীয়াকৈ অসম চৰকাৰৰ পৰা তিনিচুকীয়া আয়ুক্ত কাৰ্যালয়লৈ ৪২ কোটি টকা পথ নিৰ্মাণত ক্ষতিগ্ৰস্ত পৰিয়ালক প্ৰদান কৰিবলৈ পঠিওৱা বাৰ্তা মৌখিকভাৱে জিলা আয়ুক্ত কাৰ্যালয়ে ক্ষতিগ্ৰস্ত পৰিয়ালৰ প্ৰতিনিধিক জনাই, আৰু এই কথাও জনাই যে সেই টকাৰে ক্ষতিগ্ৰস্ত পৰিয়ালৰ আধা সংখ্যক লোককহে ক্ষতিপূৰণ দিব পৰা যাব সেয়ে বাকী অংশ টকা আহি পোৱালৈ আয়ুক্ত কাৰ্যালয় ৰৈ থকা বুলি জানিব দিয়ে।
কিন্তু অতি পৰিতাপৰ কথাটো হল যে ক্ষতিগ্ৰস্ত পৰিয়াল কেইটাই মাৰ্ঘেৰিটা ৰাজহ চক্ৰ কাৰ্যলয়ৰ পৰা আৰম্ভ কৰি জিলা আয়ুক্ত কাৰ্যালয় পৰ্যন্ত তাঁত বাতি কৰি হাইৰাণ হ’ব লগাত পৰিছে। প্ৰাপ্য ক্ষতিপূৰণৰ টকা কেইটা জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা মোকলাই আনিব পৰা নাই।
তেনে পৰিপ্ৰেক্ষিতত স্থানীয় লোক সকলে ১৩ ডিচেম্বৰত সংবাদমেল অনুষ্ঠিত কৰি ক্ষতিগ্ৰস্ত পৰিয়ালৰ ন্যায়োচিত ক্ষতিপূৰণৰ পৰিমাণ শেহতীয়াকৈ যি ধৰণেৰে ধাৰ্য কৰি ৰখা হৈছে এক সপ্তাহৰ (৭ দিনৰ) ভিতৰতে অৰ্থাৎ ২০ ডিচেম্বৰৰ ভিতৰত প্ৰদান কৰিবলৈ সময় বান্ধি দিছিল। জিলা প্ৰশাসন বা চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ বাবে আজি দিনটোত ক্ষতিগ্ৰস্ত লোক সকলে আহি প্ৰতিবাদ সাব্যস্থ কৰে।
ক্ষতিপুৰণৰ উপৰিও ৰহবাৰী চাৰিআলিৰ পৰা পেঙেৰীলৈকে ( ৮.৯৬৭ কি.মি. ) নিৰ্মানৰ বাবে অসম চৰকাৰে বাজেটত ২৬৯.২৯ কোটি টকা পুঁজি ধাৰ্য কৰি তৰাণী বনাঞ্চলৰ হাতী দণ্ডিবোৰ সুৰক্ষিত কৰাৰ বাবে তিনিখন আকৰ্ষণীয় দলং নিৰ্মানৰ কথা ঘোষণা কৰিছিল ৷
কিন্তু সকলোবোৰ ফুটুকাৰ ফেনত পৰিণত হৈ পৰাৰ আশংকাই দেখা দিয়া বুলি অভিযোগ আনি এই পথছোৱা নিৰ্মানৰ বাবে চৰকাৰে মাত্ৰ এটা জৰীপ কাৰ্যৰ বাদে আন কোনো কামেই কৰা নাই বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে। এই বিষয়টো চৰকাৰে গুৰুত্বসহকাৰে লবলৈ দাবী জনাই।
লগতে আজি প্ৰতিবাদস্থলিৰ পৰা অসম মালা পথ নিৰ্মাণৰ ফলশ্ৰুতিত ক্ষতিগ্ৰস্ত পৰিয়ালৰ লোকক ২৮ ডিচেম্বৰৰ ভিতৰত ন্যায়োচিত ক্ষতিপূৰণ প্ৰদান কৰাটো চৰকাৰৰ প্ৰাথমিক কাম বুলি গণ্য কৰি সমাধানৰ সূত্ৰ হিচাপে ন্যায়োচিত ক্ষতিপূৰণ প্ৰদান কৰক।
অন্যথা ২৮ ডিচেম্বৰৰ পাছত ডিৰাক সোণজাণস্থিত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ সমান্তৰালভাৱে বৰডুমচাস্থিত ঘোষিত ৰাষ্ট্ৰীয় ঘাইপথত গণতান্ত্ৰিক ব্যবস্থাৰ মাধ্যমেৰে অৱৰোধ কৰিবলৈ বাধ্য হ’ম বুলি প্ৰতিবাদকাৰী সকলে জানিবলৈ দিয়ে।
আনহাতে প্ৰতিবাদ স্থলিত উপস্থিত হৈ মাৰ্ঘেৰিটাৰ মহকুমাধীপতিয়ে কয় যে- চলিত মাহৰ ১৮ তাৰিখেই অসম চৰকাৰৰ পৰা ৩৫ কোটি টকা অনুমোদন হোৱাৰ পাছত ২১ ডিচেম্বৰত জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰাও ক্ষতিগস্ত পৰিয়ালক ক্ষতিপুৰণ দিবলৈ অনুমোদন দিয়ে।
ইয়াৰ উপৰিও চলিত মাহৰে ২৬ তাৰিখৰ পৰা ক্ষতিগস্ত পৰিয়ালক ক্ষতিপুৰণ দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে ক্ষতিগস্ত পৰিয়ালক ক্ষতিপুৰণ দিবলৈ ধন প্ৰয়োজন ৭৭ কোটি টকা তাৰে ৪২ কোটি টকা পূৰ্বৰে পৰা জমা হৈ আছিল বাকী ৩৫ কোটি টকা ১৮ তাৰিখেই অসম চৰকাৰে পৰা ক্ষতিগস্ত পৰিয়ালক ক্ষতিপুৰণ দিবলৈ অনুমোদন কৰি দিয়ে। মাৰ্ঘেৰিটাৰ মহকুমাধীপতি ৰূণাল নাথৰ এই প্ৰতিশ্ৰুতিৰ পাছতে প্ৰতিবাদকাৰী সকলে প্ৰতিবাদ ভংগ কৰে।