আলফা স্বাধীনৰ শিবিৰত সেনাই চলোৱা ড্ৰোন আক্ৰমণৰ ফটো প্ৰকাশ সংগঠনটোৰ

নিউজ ডেস্ক, ১০ জানুৱাৰীঃ বিগত দেওবাৰে আলফা স্বাধীনৰ শিবিৰত সংঘটিত হোৱা ড্ৰোন আক্ৰমণৰ ফটো সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমে । উল্লেখ্য যে ৭ জানুৱাৰীত অৰ্থাৎ দেওবাৰে ম্যানমাৰস্থিত আলফা স্বাধীনৰ শিবিৰত ভাৰতীয় সেনাই তিনিটাকৈ বোমা ড্ৰোনেৰে নিক্ষেপ কৰে ।

এই ঘটনাত দুগৰাকী আলফা স্বাধীনৰ সদস্য আঘাতপ্ৰাপ্ত হোৱা বুলি সংগঠনটোৱে পূৰ্বে সদৰী কৰিছে । বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি শিবিৰৰ এটা ঘৰো ধ্বংস হয় এই আক্ৰমণত ।

উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতীয় সেনাই আলফা স্বাধীনৰ শিবিৰত যে আক্ৰমণৰ পৰিকল্পনা কৰিছে সেই কথা পূৰ্বৰে জ্ঞাত আছিল বুলি দাবী কৰিছে সংগঠনটোৱে । যাৰ বাবে এই আক্ৰমণৰ প্ৰতিৰোধৰ বাবে সাজু হৈ আছিল বুলিও দাবী কৰিছে সংগঠনটোৱে । বিগত ১ ডিচেম্বৰত সামাজিক মাধ্যযোগে এই কথা উল্লেখ কৰিছে সংগঠনটোৰ এগৰাকী সদস্যই ।

ইফালে, সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই সংযুক্ত অসমৰ ঐতিহাসিক ৰাজনৈতিক অধিকাৰৰ ওপৰত আলোচনা কৰাৰ বাবে ভাৰত চৰকাৰলৈ প্ৰস্তাৱ আগবঢ়োৱাৰ সময়তে ভাৰতীয় সেনাই চলোৱা এই আক্ৰমণে বিশেষ তাত্পৰ্য বহন কৰিছে ।

অৱশ্যে এই ড্ৰোন আক্ৰমণক আলফা স্বাধীনে উজনি অসমৰ তিনিখন জিলাত সংঘটিত কৰা গ্ৰেনেড বিস্ফোৰণৰ প্ৰত্যুত্তৰ বুলি ধাৰণা কৰা হৈছে ।

Share to your Social Account