নিউজ ডেস্ক, ১০ জানুৱাৰীঃ বিগত দেওবাৰে আলফা স্বাধীনৰ শিবিৰত সংঘটিত হোৱা ড্ৰোন আক্ৰমণৰ ফটো সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমে । উল্লেখ্য যে ৭ জানুৱাৰীত অৰ্থাৎ দেওবাৰে ম্যানমাৰস্থিত আলফা স্বাধীনৰ শিবিৰত ভাৰতীয় সেনাই তিনিটাকৈ বোমা ড্ৰোনেৰে নিক্ষেপ কৰে ।

এই ঘটনাত দুগৰাকী আলফা স্বাধীনৰ সদস্য আঘাতপ্ৰাপ্ত হোৱা বুলি সংগঠনটোৱে পূৰ্বে সদৰী কৰিছে । বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি শিবিৰৰ এটা ঘৰো ধ্বংস হয় এই আক্ৰমণত ।

উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতীয় সেনাই আলফা স্বাধীনৰ শিবিৰত যে আক্ৰমণৰ পৰিকল্পনা কৰিছে সেই কথা পূৰ্বৰে জ্ঞাত আছিল বুলি দাবী কৰিছে সংগঠনটোৱে । যাৰ বাবে এই আক্ৰমণৰ প্ৰতিৰোধৰ বাবে সাজু হৈ আছিল বুলিও দাবী কৰিছে সংগঠনটোৱে । বিগত ১ ডিচেম্বৰত সামাজিক মাধ্যযোগে এই কথা উল্লেখ কৰিছে সংগঠনটোৰ এগৰাকী সদস্যই ।

ইফালে, সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই সংযুক্ত অসমৰ ঐতিহাসিক ৰাজনৈতিক অধিকাৰৰ ওপৰত আলোচনা কৰাৰ বাবে ভাৰত চৰকাৰলৈ প্ৰস্তাৱ আগবঢ়োৱাৰ সময়তে ভাৰতীয় সেনাই চলোৱা এই আক্ৰমণে বিশেষ তাত্পৰ্য বহন কৰিছে ।
অৱশ্যে এই ড্ৰোন আক্ৰমণক আলফা স্বাধীনে উজনি অসমৰ তিনিখন জিলাত সংঘটিত কৰা গ্ৰেনেড বিস্ফোৰণৰ প্ৰত্যুত্তৰ বুলি ধাৰণা কৰা হৈছে ।





