৪০ লাখ গ্রাম্য মহিলা উদ্যোগীক ৩৫ হাজাৰ টকাকৈ দিব মুখ্যমন্ত্ৰীয়ে; জানি লওক অৰ্হতা
![](https://updatenowne.in/wp-content/uploads/2024/01/11-1024x576.jpg)
নিউজ ডেস্ক, ১১ জানুৱাৰীঃ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ আধাৰত আত্মসহায়ক গোটৰ প্ৰায় ৪০ লাখ সদস্যাক গ্রাম্য ক্ষুদ্র উদ্যোগী বা লাখপতি বাইদেউ হিচাপে বিকশিত কৰা আৰু বাৰ্ষিক ১ লাখ টকা উপাৰ্জনৰ বাট প্রশস্তিকৰণৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰিছে এক ডাঙৰ আঁচনি । এই আঁচনিৰ জড়িয়তে ৪০ লাখ গ্রাম্য মহিলা উদ্যোগীক ৩৫ হাজাৰ টকাকৈ লাভ কৰিব ।
এই আঁচনি লাভৰ বাবে প্ৰয়োজনীয় অৰ্হতাসমূহ হ’ল-
• ৩টাতকৈ অধিক সন্তানৰ মাতৃ যোগ্য বিবেচিত নহ’ব (সাধাৰণ আৰু অ’ বি চি হিতাধিকাৰীৰ ক্ষেত্ৰত
• ৪টাতকৈ অধিক সন্তানৰ মাতৃ যোগ্য বিবেচিত নহ’ব (এছ চি/এছ টি/মৰাণ/মটক/চাহ জনজাতি হিতাধিকাৰীৰ ক্ষেত্ৰত)
• কন্যা সন্তান থকা আত্মসহায়ক গোটৰ সদস্যাই বয়সপ্রাপ্ত কৰিলে সন্তানক বিদ্যালয়ত নামভৰ্তি কৰোৱাটো বাঞ্ছনীয়
• অমৃত বৃক্ষ আন্দোলনৰ অধীনত ৰোপণ কৰা পুলিসমূহৰ সুস্থ প্রতিপালন নিশ্চিতকৰণ
• অনুদান প্রাপ্তিৰ বাবে ব্যৱসায়িক পৰিকল্পনা (চৰকাৰৰ দ্বাৰা প্ৰস্তুত আৰু সমৰ্থিত হ’বলগা পৰিকল্পনা) দাখিল
আবেদন প্রক্রিয়া
• প্ৰপত্ৰ নিকটৱৰ্তী পঞ্চায়ত কাৰ্যালয়ত বিনামূলীয়াকৈ উপলব্ধ
• প্ৰপত্ৰ কেৱল নিৰ্ধাৰিত তাৰিখত সংগ্ৰহ কৰিব লাগিব। কোনো ফটোষ্টেট কপী গ্রহণ কৰা নহ’ব
• দুখন সংকল্প পত্র দাখিল কৰকঃ
কন্যা শিশু বিদ্যালয়ত নামভৰ্তিকৰণ আৰু উল্লিখিত ধৰণে নিৰ্ধাৰিত কৰা অনুসৰি সন্তানৰ সংখ্যা সীমিতকৰণ
আঁচনিৰ লাভালাভ
• প্ৰথম বছৰত যোগ্যতাৰ চৰ্ত পূৰণৰ বাবে প্ৰতিগৰাকী সদস্যাক ১০,০০০ টকাকৈ
• পৰৱৰ্তী ২ বছৰত চৰকাৰৰ পৰা ১২,৫০০ টকা আৰু বেংকৰ পৰা ১২,৫০০ টকা (মুঠ ২৫ হাজাৰ টকা)
• বেংকৰ ঋণ ঘূৰাই দিয়াটো প্ৰয়োজনীয় আৰু আনহাতে চৰকাৰপ্ৰদত্ত সমর্থনৰাশি অপৰিশোধযোগ্য
• ৩ বছৰৰ সময়সীমাত প্ৰতিগৰাকী যোগ্য মহিলালৈ ৩৫ হাজাৰ টকাকৈ প্ৰদানেৰে লাখপতি বাইদেউ হোৱাৰ দিশৰ পদক্ষেপত অৰিহণা