কুকি জনজাতিক আক্ৰমণ কৰিবলৈ অস্ত্ৰ যোগান ধৰা নাই আলফাইঃ স্পষ্টীকৰণ
![](https://updatenowne.in/wp-content/uploads/2024/02/116-1024x576.jpg)
আপডেট নাউ, ২৯ ফেব্ৰুৱাৰীঃ সংবাদ মাধ্যমলৈ বিবৃতি আলফা স্বাধীনৰ । বৃহস্পতিবাৰে সংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰেৰণ কৰি সংগঠনটোৱে মণিপুৰৰ বিধায়িকা নেমচা কিপগেনৰ এক অভিযোগক নস্যাৎ কৰে । উল্লেখ্য যে আলফা স্বাধীনে কুকি জনজাতিৰ ওপৰত আক্ৰমণ কৰিবলৈ অস্ত্ৰ-শস্ত্ৰ যোগান ধৰা বুলি অভিযোগত উত্থাপন কৰিছিল ।
বিবৃতিযোগে আলফা স্বাধীনে কয়, “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে কুকি জনজাতিৰ ওপৰত আক্ৰমণ কৰিবলৈ অস্ত্ৰ-শস্ত্ৰ যোগান ধৰা বুলি মণিপুৰৰ ৫০ নং কাংপ’পি [Kangpokpi] বিধান সভা সমষ্টিৰ বিধায়িকা নেমচা কিপগেন [Nemcha Kipgen] ডাঙৰীয়ানীৰ এটা অভিযোগৰ বাতৰি আমাৰ দৃষ্টিগোচৰ হৈছে৷ উক্ত বাতৰিৰ সন্দৰ্ভত “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে স্পষ্ট কৰিব বিচাৰোঁ যে- “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে জন্মলগ্নৰে পৰা পশ্চিমা-দক্ষিণপূৱ-এছিয়াৰ অঞ্চলৰ কোনো এটা জাতি-জনগোষ্ঠীয় সংঘাতৰ সৈতে জড়িত হোৱা নাই আৰু জাতি-জনগোষ্ঠীয় সংঘাতক আমাৰ সংগঠনে প্ৰশ্চয় নিদিয়ে৷ সম্প্ৰতি প্ৰচাৰ হোৱা বাতৰিটো একেবাৰে ভিত্তিহীন আৰু মনেসজা কল্পকথা৷ ই ঔপনিৱেশিক ভাৰতীয় সকলৰ এক নিকৃষ্ট ষড়যন্ত্ৰ মাথোঁ৷ যি ষড়যন্ত্ৰ তাহানিৰে পৰা অৱধাৰিত৷
আগ্ৰাসী ভাৰতীয় সকলৰ বৰ্বৰ আক্ৰমণক প্ৰতিহত কৰিবলৈ এই অঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ৰজা-শাসক সকলে সন্মিলিতভাৱে আলাবৈ-শৰাইঘাট আদি যুঁজত নিজৰ জীৱন উচ্ছৰ্গা কৰি স্বদেশ-প্ৰেম আৰু স্ব-জাতিৰ মাজৰ সম্প্ৰীতিৰ চানেকী ৰাখি গ’ল সেই গৌৰৱময় বীৰগাথাৰ বুৰঞ্জী “সংযুক্ত মুক্তি বাহিনী, অসম বা সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ নেতৃত্বৰ লগতে নেতা, বিষয়া, সদস্য/সদস্যা সকলে জানে আৰু সন্মানীয় বিধায়িকা ডাঙৰীয়ানীয়েও জনা প্ৰয়োজন৷
পশ্চিমা-দক্ষিণ-পূৱ এছিয়া অঞ্চলত যুগ-যুগধৰি বসবাৰ কৰি অহা বিভিন্ন থলগিৰি জাতি-জনগোষ্ঠীৰ সমূহৰ মাজত সম্প্ৰীতিৰ এনাজৰিডাল অনক্যৰ মাজত ঐক্য হৈ জিলিকি আহিছে৷ এই জিলিঙনিয়ে ঔপনিৱেশিক ভাৰতীয় সকলৰ চকুত চাত মাৰি ধৰাটো স্বাভাৱিক৷ যাৰ পৰিপ্ৰেক্ষিতত অতীজৰে পৰা ভাৰতীয় সকলে আমাৰ ৱেছিয়া অঞ্চলৰ সাতামপুৰুষীয়া ঐক্য-সংহতি বিনষ্ট কৰিবলৈ অহৰহ চেষ্টা চলাই আহিছে৷ অতি-সম্প্ৰতি মণিপুৰত চলি থকা সংঘাত তাৰেই জ্বলন্ত উদাহৰণ৷
আনহাতে “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে ৱেছিয়া অঞ্চলৰ এনে সংঘাত সমূহ কেনেদৰে নিৰাময় কৰিব পাৰি, সামাজিক বৈচিত্ৰতাৰ মাজত ঐক্য-সম্প্ৰীতি-সমন্বয় দৃঢ় কৰিবলৈ প্ৰচেষ্টা হাতত লৈ আহিছে; কিন্তু বাৰে বাৰে ঔপনিৱেশিক ভাৰতীয় শাসকগোষ্ঠীয়ে ইয়াক ধ্বংস কৰি আহিছে৷
বিধায়িকা ডাঙৰীয়ানী, শেহতীয়াকৈ মণিপুৰত যি জুই জ্বলি আছে সেয়া ঔপনিৱেশিক ভাৰত চৰকাৰৰ সৃষ্ট৷ ৱেছিয়া অঞ্চলৰ থলগিৰি জাতি-জনগোষ্ঠীক জ্বলাই-পুৰাই নিশকতীয়া কৰিব বিচৰা জুইকুৰাত পক্ষপাতিত্বৰে তেল ঢালিবলৈ “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ নীতি-আদৰ্শই অনুমতি নিদিয়ে৷ এনে পক্ষপাতে সংঘাত নিৰাময়ৰ সূত্ৰ প্ৰদান নকৰে, বিপৰীতে আমাৰ মাজত অনক্য আৰু সংঘাত সৃষ্টি কৰিবলৈ ঔপনিৱেশিক ভাৰতীয় সকলক অধিক সুবিধাহে কৰি দিয়া হ’ব৷ গতিকে একপক্ষভাৱে কল্পনাপ্ৰৱন হৈ সস্তিয়া জনপ্ৰিয়তাৰ বাবে ভৱিষ্যতে এনে ভুৱা বাৰ্তা প্ৰচাৰ নকৰিবলৈ এই পত্ৰযোগে আপোনাক আহ্বান জনালোঁ৷’’