দিল্লীশ্বৰৰ পদলেহনকাৰী সৰ্বা-হিমন্তঃ CAA সন্দৰ্ভত অজাপৰ প্ৰতিক্ৰিয়া

আপডেট নাউ,১১ মাৰ্চঃ কা’ ৰূপায়ন সন্দৰ্ভত অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া । এক বিবৃতি যোগে অসম জাতীয় পৰিষদে কয় যে, “অৱশেষত অসমীয়া জাতিৰ আৱেগ-অনুভূতি আৰু শ্বহীদৰ চৰম ত্যাগক ভৰিৰে মোহাৰি বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আইন ৰূপায়ন কৰিলে৷

এই আইনে অসমীয়া জাতিৰ ভাষা-সংস্কৃতি, মাটি-ভেটিৰ ওপৰত অবৈধ বিদেশীৰ অধিকাৰ নিশ্চিত কৰি অসমীয়া মানুহৰ অস্তিত্ব বিপন্ন কৰিব বুলি জানিও বিজেপিৰ চৰকাৰে আইনখন ৰূপায়ন কৰিলে৷

জাতি-মাটি-ভেটি ৰক্ষাৰ অঙ্গীকাৰেৰে অসমীয়া মানুহৰ ভোট লোৱা সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাই এই ক’লা আইনখন ৰূপায়ন কৰাৰ পৰা কেন্দ্ৰীয় চৰকাৰক বিৰত ৰাখিব নোৱাৰিলে৷ আজিৰ দিনটো অসমৰ বাবে, অসমীয়া জাতিৰ বাবে এটা ক’লা দিন৷

নিজৰ গাদী সুৰক্ষাৰ স্বাৰ্থত দিল্লীশ্বৰৰ পদলেহন কৰি জীয়াই থাকি ভাল পোৱা সৰ্বানন্দ সোণোৱাল-হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁলোক দুজনৰ অনুচৰ বাহিনীয়ে নিজৰ মাতৃভূমিকো হত্যাৰ ষড়যন্ত্ৰত লিপ্ত হ’বলৈ কুণ্ঠাবোধ নকৰিলে৷

এই অক্ষমনীয় অপৰাধৰ বাবে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা জাতীয় খলনায়ক হিচাপে আজীৱন চিহ্নিত হৈ ৰব৷ এই দুই খলনায়কৰ এনে আত্মসমৰ্পন তথা উক্ত জাতিদ্ৰোহী কাণ্ড ইতিহাসৰ পাতত ক’লা আখৰেৰে চিৰদিন খোদিত হৈ থাকিব৷

অসমৰ সকলো জাতি-জনগোষ্ঠীৰ ৰাইজ, দল-সংগঠন, নাগৰিক সংস্থা সকলোকে বিজেপি চৰকাৰৰ এই জাতিদ্ৰোহী কাৰ্য্য আৰু উক্ত ক’লা আইনখনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনালো৷”

লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই জাৰি কৰিছে এই বিবৃতি । চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ।

Share to your Social Account