Home / Uncategorized / আজি নিৰ্বাচন আয়োগে ঘোষণা কৰিব আগন্তুক লোকসভা নিৰ্বাচনৰ দিন

আজি নিৰ্বাচন আয়োগে ঘোষণা কৰিব আগন্তুক লোকসভা নিৰ্বাচনৰ দিন

নেশ্যনেল ডেস্ক, ১৬ মাৰ্চঃ আজি নিৰ্বাচন আয়োগে ঘোষণা কৰিব আগন্তুক লোকসভা নিৰ্বাচনৰ দিন । শনিবাৰে সন্ধিয়া আয়োগে দেশত এপ্ৰিলত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনৰ দিন ঘোষণা কৰিব ।

ইতিমধ্যেই ভোট গ্ৰহণৰ সময়ত নিৰ্বাচন আয়োগে বিচৰা কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ ৩,৪০০ টা কোম্পানী গৃহমন্ত্ৰালয়ে অনুমোদম জনোৱাৰ পাছতে নিৰ্বাচনৰ দিন ঘোষণাৰ বাবে সাজু হৈছে ।

উল্লেখ্য যে এপ্ৰিলৰ অন্তিম সপ্তাহত ৬-৭ টা পৰ্যায়ত দেশৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

ভোটগ্ৰহণ এমাহতকৈ অধিক সময়ৰ বাবে হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে ফলাফল মে’ মাহৰ শেষতহে ঘোষণা কৰিব ।

দেশৰ প্ৰায় ৯৭ কোটি লোকে ১২ লাখতকৈও অধিক ভোটকেন্দ্ৰত ভোটদান কৰিবলৈ যোগ্য।

মন কৰবলগীয়া যে, বিজেপিয়ে একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা দখলৰ চেষ্টা চলাইছে । বিজেপিয়ে যদি তৃতীয়বাৰৰ বাবে ক্ষমতা লাভ কৰে, তেন্তে নৰেন্দ্ৰ মোদী পুনৰ প্ৰধানমন্ত্ৰী হ’ব আৰু প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ অভিলেখ চুব ।

Share to your Social Account
Tagged: