আজি নিৰ্বাচন আয়োগে ঘোষণা কৰিব আগন্তুক লোকসভা নিৰ্বাচনৰ দিন

নেশ্যনেল ডেস্ক, ১৬ মাৰ্চঃ আজি নিৰ্বাচন আয়োগে ঘোষণা কৰিব আগন্তুক লোকসভা নিৰ্বাচনৰ দিন । শনিবাৰে সন্ধিয়া আয়োগে দেশত এপ্ৰিলত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনৰ দিন ঘোষণা কৰিব ।

ইতিমধ্যেই ভোট গ্ৰহণৰ সময়ত নিৰ্বাচন আয়োগে বিচৰা কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ ৩,৪০০ টা কোম্পানী গৃহমন্ত্ৰালয়ে অনুমোদম জনোৱাৰ পাছতে নিৰ্বাচনৰ দিন ঘোষণাৰ বাবে সাজু হৈছে ।

উল্লেখ্য যে এপ্ৰিলৰ অন্তিম সপ্তাহত ৬-৭ টা পৰ্যায়ত দেশৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

ভোটগ্ৰহণ এমাহতকৈ অধিক সময়ৰ বাবে হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে ফলাফল মে’ মাহৰ শেষতহে ঘোষণা কৰিব ।

দেশৰ প্ৰায় ৯৭ কোটি লোকে ১২ লাখতকৈও অধিক ভোটকেন্দ্ৰত ভোটদান কৰিবলৈ যোগ্য।

মন কৰবলগীয়া যে, বিজেপিয়ে একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা দখলৰ চেষ্টা চলাইছে । বিজেপিয়ে যদি তৃতীয়বাৰৰ বাবে ক্ষমতা লাভ কৰে, তেন্তে নৰেন্দ্ৰ মোদী পুনৰ প্ৰধানমন্ত্ৰী হ’ব আৰু প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ অভিলেখ চুব ।

Share to your Social Account