পদত্যাগ কৰিলেও বৰপেটাৰ পৰা জাহাজৰ প্ৰতীকতে নিৰ্বাচন খেলিব দুলু আহমেদে
![](https://updatenowne.in/wp-content/uploads/2024/03/24-1024x576.jpg)
নিউজ ডেস্ক,২০ মাৰ্চঃ অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ দুলু আহমেদৰ। অজাপৰ নেতৃত্বলৈ পদত্যাগ পত্ৰ প্ৰেৰণ দুলু আহমেদৰ। কংগ্ৰেছৰ ওচৰত আঞ্চলিকতাবাদ বিক্ৰীৰ বিস্ফোৰক অভিযোগ। পদত্যাগ কৰিলেও বৰপেটাৰ পৰা জাহাজৰ প্ৰতীকতে নিৰ্বাচন খেলিব দুলু আহমেদে। দলীয় নেতৃত্বলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি দুলু আহমেদে কয়, “দলৰ জন্ম লগ্নৰে পৰা অসম জাতীয় পৰিষদ দলৰ লগত জড়িত হৈ দলটি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত মোৰ যি অৰিহণা সেয়া আপুনি স্বীকাৰ নকৰিলেও অসমৰ ৰাইজে নিশ্চয় লক্ষ্য কৰিছে।
যোৱা প্ৰায় ১০ মাহে বিৰোধী ঐক্য মঞ্চৰ নামত কংগ্ৰেছ দলে ১৬ তাকৈ দলক ব্যস্ত কৰি ৰাখি শেষ মুহূৰ্তত ১৪ খন লোকসভা আসনৰ ১৩ খন আসনতে নিজৰ লগত ৰাখি কেৱল এখন আসন আপোনাক এৰি দি বিৰোধী ঐক্য মঞ্চত থকা ১৪ টা দলক কংগ্ৰেছ দলে যি ধৰণে শেষ মূহুৰ্তত যি প্ৰতাৰণা কৰিলে কংগ্ৰেছৰ সেই পৰিকল্পনাত আপুনি সম্পূৰ্ণ জ্ঞাত আছিল আৰু আপোনাৰ এক মাত্র ব্যক্তিগত স্বাৰ্থৰ বাবে আপুনি কংগ্ৰেছ দলক সম্পূৰ্ণ সহযোগ কৰাৰ ক্ষেত্ৰত ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক পদত থাকিও আপুনি যি সন্দেহজনক ভূমিকা পালন কৰিলে সেই ভূমিকা মই নকলেও অসমৰ ৰাইজে নিশ্চয় লক্ষ্য কৰিছে। অসমৰ ৰাইজে কেতিয়াও বিচৰা নাছিল যে আপুনি দিল্লীৰ কংগ্ৰেছৰ মুখ্য কাৰ্যলয়ত গৈ কেৱল নিজৰ ব্যক্তিগত স্বার্থৰ বাবে নির্লজ্য ভাবে আত্মসমর্পণ কৰাটো।
দলটিক কংগ্ৰেছৰ ওচৰত এই ধৰণে নির্লজ্জ্ব ভাবে বিক্ৰী কৰাৰ বাবে অসমৰ ৰাইজে আপোনাক কেতিয়াও ক্ষমা নকৰে আৰু অসমৰ ৰাইজে নিশ্চয় ইয়াৰ প্ৰত্যুত্তৰ এই নির্বাচনতে আপোনাক দিব।আপোনাৰ এই ধৰণৰ ব্যক্তিগত স্বাৰ্থৰ বাবে অসমৰ ৰাইজে ভৱিষ্যতে আৰু কোনো আঞ্চলিক দলৰ প্ৰতি বিশ্বাস নাৰাখিব।
আপুনি দলৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছৰে পৰা বিভিন্ন সংবাদ মাধ্যমত পৰিস্থিতি যিয়েই নহওঁক কিয় আপুনি কোনো ৰাষ্ট্ৰীয় দলৰ লগত কেতিয়াও মিত্রতা নকৰে। কোনো ৰাষ্ট্ৰীয় দলৰ অক্সিজেন লৈ অসম জাতীয় পৰিষদ দলে কেতিয়াও ৰাজনীতি নকৰে বুলি প্ৰতিশ্ৰুতি দিছিল।
আপোনাৰ এই নতুন ৰাজনৈতিক যাত্ৰা এক আপোচবিহীন যাত্ৰা বুলি অসমৰ ৰাইজক জনাইছিল আৰু আপুনি অসমৰ একমাত্ৰ এগৰাকী সংগ্ৰামী সত্তা তথা বজ্র কণ্ঠ বুলি নিজকে ৰাইজৰ ওচৰত মিছা পৰিচয় দিছিল।কিন্তু সেই প্ৰতিশ্ৰুতি আপুনি পালন কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে সেই কথা মই নকলেও অসমৰ ৰাইজে নিশ্চয়কৈ উপলব্ধি কৰিছে।
ভেজাল জাতীয়তাবাদ তথা আঞ্চলিকতাবাদৰ নামত আপুনি অসমৰ ৰাইজক যি ধৰণে প্ৰতাৰণা কৰিলে তাৰ বাবে অসমৰ ৰাইজে আপোনাক কেতিয়াও ক্ষমা নকৰে আৰু সেই প্ৰমাণ এই নির্বাচনতেই আপুনি পাব। আমি ব্যক্তিগত ভাৱেও আপোনাৰ এই ধৰণৰ আপোচবিহীন যাত্ৰাৰ অংশীদাৰ হবলৈ আপোনাৰ বজ্ৰ কণ্ঠৰ প্ৰতি আকৰ্ষিত হৈ আপোনাৰ নেতৃত্বাধীন অসম জাতীয় পৰিষদ দলত আপুনি যোগদান কৰাৰ ঠিক ১৫ দিন পিছতেই যোগদান কৰিছিলো।
কিন্তু এয়া মোৰ জীৱনৰ যে এক সাংঘাতিক ভুল সিদ্ধান্ত আছিল সেই কথা মই এতিয়া উপলদ্ধি কৰিছোঁ। আৰু বেছি আচৰিত লাগিল দলৰ এই কঠিন সময় চোৱাত নামনি অসমৰ যি সকল উঠি অহা যুৱকে মোৰ নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈ দলত যোগদান কৰি নিঃস্বার্থ ভাবে দলত সেৱা আগবঢ়াই গৈছিল সেই নিষ্ঠাৱান যুৱ কৰ্মী সকলকো আপুনি কেৱল মোৰ লগত সংগ দিয়াৰ বাবে অন্যায় ভাবে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।
যিহেতু মই ইতিমধ্যে পৰিস্থিতি যিয়েই নহওঁক কিয় আগন্তুক নিৰ্বাচনত জাহাজৰ চিহ্নত প্রতিদ্বন্দিতা কৰিম বুলি ঘোষণা কৰিছো সেইগতিকে মই আজিও মোৰ স্থিতিত অটল হৈ আছোঁ।আপোনাৰ ব্যক্তিগত স্বাৰ্থত লোৱা এনে আৰু বহু ধৰণৰ ৰাজনৈতিক সিদ্ধান্তৰ বাবে যাতে অসমৰ ৰাইজৰ ওচৰত মই জবাবদিহি নহওঁ সেই গতিকে মই আজিৰ পৰা দলৰ উপ সভাপতি তথা প্রাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰি এই পত্ৰ প্ৰেৰণ কৰিলোঁ।
ৰাষ্ট্ৰীয় ৰাজনীতি এৰি আঞ্চলিকতাবাদী দললৈ আহিছিলো কেৱল মূল্যবোধৰ ৰাজনীতিৰ খাতিৰত। পিছে আপুনি কেৱল নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে দিল্লীৱালা কংগ্ৰেছী নেতৃবৰ্গৰ ওচৰত কৰা তৈলমৰ্দনৰ ৰাজনীতিয়ে জাতীয়তাবাদক ভালপায় অজাপত যোগদান কৰা বহু সংগ্ৰামী সত্তাৰ অন্তৰত আঘাট দিছে।
ইতিহাসত জয়-পৰাজয় ডাঙৰ কথা নহয়, কিন্তু ইতিহাসে সদায় বিপ্লৱীৰ নামহে লিপিবদ্ধ কৰে, তোষামোদকাৰীয়ে কেতিয়াও ইতিহাসৰ পাতত স্থান নাপায়। মোৰ এই ধৰণৰ সিদ্ধান্তই দলৰ তৃণমূল কৰ্মী সকলৰ মনত বহু আঘাত দিব তাৰ বাবে মই দলৰ সেই নিষ্ঠাবান কৰ্মী সকলৰ ওচৰত এই পত্ৰৰ জৰিয়তেই ক্ষমা বিচাৰিলো।
আঞ্চলিকতাবাদক ভালপোৱা, জাতীয়তাবাদক ভালপোৱা দলটোৰ প্ৰতিজন সৈনিকেই আপোনাৰ এই ৰাজনৈতিক স্বাৰ্থপৰতাক লৈ হতাশ আৰু নিৰাশ। সেয়ে মই অসম জাতীয় পৰিষদ দলৰ সৈতে থকা মোৰ যাত্ৰাও ইমানতেই সামৰণি মাৰিলো।”