গামোচাক অপমান দিদিৰ-প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ
নিউজ ডেস্ক,১৭ এপ্ৰিলঃ ১৯ এপ্ৰিলত দেশত অনুষ্ঠিত হ’ব লগা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । কিন্তু মমতা বেনাৰ্জীৰ অসম ভ্ৰমণে এতিয়া সৃষ্টি কৰিছে বিতৰ্কৰ । পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে উঠিছে গামোচাক অপমান কৰাৰ অভিযোগ ।
উল্লেখ্য যে, বুধবাৰে পুৱা গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰা মমতা বেনাৰ্জীক এখন গামোচাৰে আদৰণি জনাইছিল তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে । কিন্তু গামোচা পিন্ধাৰ পৰা বিৰত থাকিল মমতা বেনাৰ্জী । এইলৈ এতিয়া ৰাজ্যত আৰম্ভ হৈছে বিতৰ্ক । শিলচৰত তৃণমূল কংগ্ৰেছৰ নিজ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মমতা বেনাৰ্জীয়ে । অৱশ্যে সেই প্ৰচাৰ সভাত পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কান্ধত গামোচা লৈ থকা পৰিলক্ষিত হয় ।
এই সন্দৰ্ভত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে শাসকীয় দলৰ বিধায়ক প্ৰশান্ত ফুকনে । মমতাৰ এইকাৰ্যক মুখ্যমন্ত্ৰীগৰাকীয়ে গৰিহণা দিয়াৰ লগতে INDIA এলায়েন্সৰ প্ৰাৰ্থীয়ে গামোচাক কেতিয়াও সন্মান নকৰে বুলি মন্তব্য কৰে । বিধায়ক প্ৰশান্ত ফুকনেও মমতা বেনাৰ্জীক অভদ্ৰ মহিলা আখ্যা দি অতি কটু ভাষাৰে সমালোচনা কৰে ।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নলবাৰীত জনসভাত অংশগ্ৰহণ কৰি তেওঁ সদায় গামোচাক সন্মান দি অহা বুলি উল্লেখ কৰে ।
মমতা বেনাৰ্জীয়ে গামোচাক অপমান কৰাক লৈ এতিয়া ৰাজ্যত এতিয়া এনেদৰেই মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।