গুৱাহাটীৰ NIA কাৰ্যালয়ত বিষয়াৰ অভাৱ; অৱসৰ প্ৰাপ্ত আৰক্ষী বিষয়াক নিযুক্তিৰ যো-জা

নিউজ ডেস্ক, 7 জুনঃ বিষয়াৰ সংকটৰ সন্মুখীন হৈছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ NIA ৷ যাৰ বাবে NIA য়ে এতিয়া সংস্থাটোৰ বিষয়াৰ সংখ্যা বৃদ্ধি কৰিবৰ বাবে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে ৷

হায়দৰাবাদ, পাটনা, ৰাঁচী, লক্ষ্ণৌ আৰু গুৱাহাটীত অৱস্থিত NIAৰ শাখাসমূহত অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক ‘‘অনুসন্ধান বিশেষজ্ঞ’’ (Investigation Specialist) হিচাবে নিযুক্তি দিয়াৰ বাবে জাননী জাৰি কৰা হৈছে ৷

NIAৰ এজন জ্যেষ্ঠ বিষয়াই সদৰী কৰি কয়, ‘‘অভিজ্ঞ আৰক্ষী বিষয়াৰ নিযুক্তিয়ে কেৱল তদন্ত প্ৰক্ৰিয়াত সহায় নকৰে, লগতে কাম বিতৰণতো সহায় কৰিব ৷ NIAত বিষয়াসকলে ডেপুটেশনত যোগদান কৰে ৷ তদন্তকাৰী সংস্থাটো বৰ্তমান বিষয়াৰ অভাৱত আছে ৷’’

“অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক এবছৰৰ বাবে পুনৰ নিযুক্তি দিয়া হ’ব ৷ সম্প্ৰসাৰণৰ ব্যৱস্থা পাঁচ বছৰলৈকে হ’ব বা 65 বছৰ বয়স হ’ব, যিটো আগতে হ’ব ৷” NIAৰ জাননীত এই কথা উল্লেখ কৰা হৈছে ৷

নিযুক্তি প্ৰক্ৰিয়াৰ সময়ত ৰাজ্যিক আৰু কেন্দ্ৰীয় আৰক্ষী সংগঠন, আইবি (IB), এনটিআৰঅ'(NTRO), কেবিনেট সচিবালয় (Cabinet Secretariat), শুল্ক (Customs), আয়কৰ (Income tax), ডিআৰআই ( DRI) আৰু ডিআৰডিঅ’ৰ ( DRDO) অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক গুৰুত্ব দিয়া হ’ব ৷

Share to your Social Account