ব্যৱসায়ীক ধনদাবী কৰা নাওবৈচাৰ দম্পতিৰে আলফা স্বাধীনৰ নাই কোনো সম্পৰ্কঃস্পষ্টীকৰণ
তিনিচুকীয়া, ১৪ জুনঃ সংযুক্ত মুক্তি বাহিনী, অসম স্বাধীনৰ লিংকমেন আৰু তেজপুৰৰ কোনো ব্যৱসায়ীক ধনদাবী কৰাৰ অভিযোগত লখিমপুৰ জিলাৰ নাওবৈচাৰ সঞ্জীৱ বৰুৱা আৰু তেওঁৰ পত্নীক শোণিতপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত স্পষ্টীকৰণ আলফা স্বাধীনৰ । আজি সংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰদান কৰি বিষয়টো সন্দৰ্ভতত স্পষ্টীকৰণ প্ৰদান কৰে আলফা স্বাধীনে ।
বিবৃতিটোত আলফা স্বাধীনে কয়, “যোৱা ইংৰাজী ১২ জুন ২০২৪ তাৰিখে “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ যোগাযোগকাৰীৰ সন্দেহত আৰু তেজপুৰৰ কোনো ব্যৱসায়ীক ধনদাবী কৰাৰ অভিযোগত লখিমপুৰ জিলাৰ নাওবৈচাৰ সঞ্জীৱ বৰুৱা আৰু তেওঁৰ পত্নীক শোণিতপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বাতৰি সম্প্ৰচাৰিত হৈছে৷”
“সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ তৰফৰ পৰা স্পষ্ট কৰিব বিচাৰোঁ যে- সঞ্জীৱ গগৈ অথবা তেওঁৰ পৰিবাৰৰ সৈতে আমাৰ সংগঠনৰ কোনো যুগসূত্ৰ আৰু সম্পৰ্ক নাই৷ “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ নাম লৈ পূৰ্বতেও অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানৰ আত্মীয়ৰ পৰা আৰম্ভ কৰি বহু ব্যক্তিয়ে অবৈধভাৱে ধন সংগ্ৰহ কৰি আহিছে৷”
“গতিকে কেৱল আৰক্ষী আৰু অভিযুক্তৰ আত্মপক্ষৰ সমৰ্থন তথা নিৰ্দোষী প্ৰতিষ্ঠাৰ বাবে অভিযুক্তৰ ভাষ্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই প্ৰকৃত সত্য উদঘাটন নকৰাকৈ এনেধৰণৰ বাতৰি সম্প্ৰচাৰ নকৰিবলৈ অসমৰ সংবাদ প্ৰতিষ্ঠান সমূহক বিনম্ৰতাৰে আহ্বান জনালোঁ৷”