তিনিচুকীয়াৰ বান দুৰ্গতৰ ঘৰত অভিভাৱক মন্ত্ৰী ৰণজিৎ দাস; মৃত্যুৰ ৪৮ ঘন্টাৰ ভিতৰতে দিলে সাহায্যৰ ধন

তিনিচুকীয়া, ৪ জুলাই: তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ইত্যাদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি পুণৰ জিলাখনলৈ আহি বান পৰিস্থিতিৰ পৰিদৰ্শন কৰাৰ লগতে পৰহি বানপানীৰ ফলত মৃত্যু মুখত পৰা এজন লোকৰ নিকটাত্মীয়ৰ হাতত ৪ লাখ টকাৰ এক কালিন সাহায্যৰ ছেক প্ৰদান কৰে।

আজি আবেলি গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ অহা মন্ত্ৰীগৰাকীয়ে পোনতে ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত ছৈখোৱাৰ ন-বৰমুৰা গাৱৰ শ্বিলবানু তিৰ্কিৰ বাসভৱনত উপস্থিত হৈ তেওঁৰ পত্নীৰ হাতত এক কালিন সাহায্যৰ ছেক প্ৰদান কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। 

উল্লেখযোগ্য যে পৰহি নিজৰ ঘৰৰ ওচৰতে নাও দুৰ্ঘটনাত মৃত্যু মুখত পৰিছিল শ্বিলবানু তিৰ্কি।  উল্লেখযোগ্য যে যোৱা ১ জুলাইৰ দিনা ফিলোবাৰীৰ গাভৰুভেটী গাঁৱৰ মোহন যাদৱ (৫৬)ৰ পানীত পৰি মৃত্যু হৈছিল। ইয়াৰ পিছদিনাই অভিভাৱক মন্ত্ৰীগৰাকী তেওঁৰ বাসভৱনলৈ গৈ সাহায্যৰ ধন প্ৰদান কৰিছিল।

ইফালে যোৱা ৩০ জুনৰ পৰা নিৰুদ্দেশ হৈ থকা শদিয়া ৰাজহ চক্ৰৰ ভবলাগাওঁৰ ডিম্বেশ্বৰ সোণোৱালৰ (২০) মৃতদেহ ২ জুলাইত পানীৰ মাজত উদ্ধাৰ হয়। পিছদিনাই সমষ্টিৰ বিধায়ক বলীন চেতিয়াই গৈ তেওঁৰ ঘৰত সাহায্যৰ ধন প্ৰদান কৰে। ইয়াকে লৈ জিলাখনত যোৱা ১ জুলাইৰ পৰা হোৱা বানপানীত মৃত্যু মুখত পৰা ৪ জন লোকৰ ৩ জনৰ পৰিয়ালকে ৪ লাখ টকাকৈ এক কালিন সাহায্য প্ৰদান কৰা হ’ল। 

উল্লেখযোগ্য যে মৃতকৰ সৎকাৰ পৰ্ব সম্পন্ন নৌহওঁতেই পৰিয়ালৰ লোকক এক কালিন সাহায্যৰ ধন প্ৰদান কৰাটো অভূতপূৰ্ব বুলি বিবেচিত হৈছে।  পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰীগৰাকীয়ে ইয়াৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে, মুখ্যমন্ত্ৰী মহোদয়েও পীড়িত জনসাধাৰণক  এনে তৎপৰতাৰে সেৱা আগবঢ়োৱাটো বিচাৰিছে।    

আজিৰ ভ্ৰমণকালত মন্ত্ৰী গৰাকীয়ে ছৈখোৱা-হাতীঘুলি অঞ্চল পৰিদৰ্শন কৰি ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিস্থিতিৰ চৰজমিন পৰ্যবেক্ষণ কৰে। তেওঁ চলিত মথাউৰী সুৰক্ষাৰ কাম অতি তৎপৰতাৰে সম্পন্ন কৰাৰ বাবে জল সম্পদ বিভাগৰ বিষয়াক নিৰ্দেশ দিয়ে। মন্ত্ৰী গৰাকীৰ সৈতে শদিয়াৰ বিধায়ক বলীন চেতীয়াও উপস্থিত থাকে।

ইয়াৰ পিছতে সন্ধিয়া জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰি আইন বিভাগৰো দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে কয় যে, “বান দুৰ্যোগৰ দৰে প্ৰাকৃতিক দুৰ্যোগবোৰ সম্পূৰ্ণ প্ৰতিহত কৰাটো সম্ভৱ নহয়। কিন্তু এনে দুৰ্যোগৰ সন্মূখীন হোৱা লোকসকলে যাতে উপযুক্ত সময়ত পৰ্যাপ্ত সহায়-সাহায্য লাভ কৰে সেয়া নিশ্চিত কৰিব লাগিব। তাৰবাবে পুজিৰ অভাৱ নহয়।”

তেওঁ প্ৰতিজন বিষয়াক নিজ নিজ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰি ৰাইজৰ সেৱাত নিয়োজিত হবলৈ আহ্বান জনায়। সভাত তিনিচুকীয়াৰ বিধায়ক তথা শ্ৰম আৰু শ্ৰমিক কল্যাণ মন্ত্ৰী সঞ্জয় কিশান, ডিগবৈৰ বিধায়ক সুৰেন ফুকন, জিলা আয়ুক্ত স্বপ্নীল পালৰ উপৰি জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া আৰু সকলো বিভাগৰ জিলা মুৰব্বী বিষয়া সকলো উপস্থিত থাকে।

Share to your Social Account