মন্ত্ৰী অতুল বৰাৰ গৃহ-সমষ্টিত বোকাময় পথে জীয়াতু ভোগাইছে ৰাইজক;২০২৬ৰ পূৰ্বে পথ নিৰ্মাণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ
বোকাখাত, ১৩ জুলাই(পল্লৱ হাজৰিকা): বাৰিষাৰ ভূঁই ৰোৱা খেতি পথাৰ নহয় ,,এয়া বোকাখাতৰ এটা গ্ৰাম্য পথৰহে দৃশ্য!পথটোৰ ওপৰত এআঁঠু বোকা! বোকাময় পথটোৰ বাবে জীয়াতু ভুগিব লগীয়া হৈছে বোকাখাতৰ মৰিধনশিৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ ৰাইজে। যাৰ বাবে পথৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া গাওঁবাসীয়ে ।
নিৰ্বাচনৰ সময়তহে ৰাইজলৈ মনত পৰে জনপ্ৰতিনিধিৰ ৷ পিছে নিৰ্বাচনী বৈতৰণী পাৰ হ’লেই সমষ্টি বাসীৰ ফালে পিঠি দিয়ে জন প্ৰতিনিধিয়ে ৷ বোকাখাত নগৰৰ পৰা মাত্ৰ দেৰ কি’লমিটাৰ নিলগৰ আৰু মৰিধনশিৰি গাওঁ পঞ্চায়তৰ গাতে লাগি থকা এয়া ন-আলি পৰা খালৈজান সংযোগী পথৰ দৃশ্য। পথ নহয় যেন বোকাময় বাৰিষাৰ পথাৰহে ৷
সেয়ে বোকাময় পথটোক লৈ শুক্ৰবাৰে প্ৰতিবাদ সাৱ্যস্ত কৰে স্থানীয় ৰাইজে৷ উল্লেখ্য যে ন আলি পৰা খালৈজান সংযোগী এই গুৰুত্বপূৰ্ণ পথটোৱে সংযোগ কৰিছে ১নং বহিখোৱা,২নং বহিখোৱা,ধনশিৰিআটি আদিকে কৰি কেইবাখনো গাঁও। কেবাখনো গাঁৱৰ ৰাইজৰ যাতায়াতৰ একমাত্ৰ মাধ্যম এই পথচোৱাৰ আজিৰ তাৰিখত অতি শোচনীয় অৱস্থা ৷
নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই দিয়া স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাই এতিয়া পাহৰিছে গাঁও কেইখনৰ গঞাক ৷ আনটো বাদেই যাতায়াতৰ নামতো এতিয়া গঞা ৰাইজে ভূগিছে নৰক যন্ত্ৰণা ৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা ৰোগী-প্ৰসূতি তথা আন পথচাৰীলৈকে সকলোৱে পাৰ হ’ব লাগে এআঁঠু বোকাময় পথেৰে ৷পথটোৰে জৰুৰী কালীন সময়ত আহিব নোৱাৰে স্বাস্থ্য বিভাগৰ ১০৮বাহনো। বিপদত পৰিব লগা হয় গৰ্ভৱতী মহিলা।উক্ত পথটোৰে এতিয়া যাতায়ত কৰাতো এক প্ৰকাৰ হৈ পৰিছে দুৰ্বিসহ।
বিধস্ত পথটো মেৰামতিৰ বাবে গাওঁ বাসীয়ে বহু বাৰ আবেদন নিবেদন কৰি আহিছে যদিও কাণসাৰ নাই কাৰ্যকালৰ ৭ টাকৈ বছৰ অতিক্ৰম কৰা স্থানীয় জনপ্ৰতিনিধি তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ। যাৰ বাবে মন্ত্ৰী অতুল বৰাৰ ভূমিকাত তীব্ৰ ক্ষোভ স্থানীয় জনসাধাৰণৰ।
লক্ষণীয় কথা যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বতাধীন মিত্ৰজোঁটৰ চৰকাৰৰ দিনত অভূতপূৰ্ব উন্নয়ন হোৱা বুলি সততে ফুলজাৰী মৰা বোকাখাতৰ বিধায়ক তথা ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহসমষ্টিত আজিও বিধস্ত অৱস্থাত আছে বহু সংখ্যক গ্ৰাম্য পথ।
ইফালে কাৰ্যকালৰ সাতটাকৈ বছৰ অতিক্ৰম কৰাৰ পাছতো প্ৰতিশ্ৰুতি অনুসৰি আজিও নিৰ্মাণ নহ’ল সমষ্টিটোৰ যথেষ্ঠ সংখ্যক ৰাষ্টা-ঘাটৰ লগতে সমষ্টিটোৰ বান-বিধস্ত মৰিধনশিৰি পঞ্চায়তৰ অন্তৰ্গত ন-আলি পৰা খালৈজান সংযোগী এই পথচোৱা।
সেয়ে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ৰাইজে এতিয়া বোকাময় পথৰ ওপৰতে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰালৈ স্থানীয় ৰাইজৰ আহ্বান, শীঘ্ৰে পকীকৰণৰ কৰি দিয়ক পথচোৱা ,অন্যথা ২০২৬ৰ বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ গাওঁবাসীৰ।