অজিত ডোভালৰ সৈতে ঘণ্টাজোৰা বৈঠক শ্বেখ হাছিনাৰ; মোদীক বাংলাদেশৰ পৰিস্থিতিৰ কথা জনালে এছ জয়শংকৰে; উত্তৰ-পূবত সন্ত্ৰাসবাদ বৃদ্ধিৰ সম্ভাৱনা

নিউজ ডেস্ক, ৬ আগষ্টঃ সোমবাৰে (৫ আগষ্ট,২০২৪) বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি দেশৰ পৰা পলায়ন কৰি ভাৰতত আশ্ৰয় গ্ৰহণ কৰাৰ পাছতে তেওঁৰ ১৫ বছৰীয়া শাসনকালৰ অন্ত পৰে । উল্লেখ্য যে, চৰকাৰী চাকৰিত আসন সংৰক্ষণৰ বিৰুদ্ধে বাংলাদেশত আৰম্ভ হোৱা এই প্ৰতিবাদত প্ৰায় ৩০০ জন লোকৰ মৃত্যু হৈছে । হাছিনাই দেশ ত্যাগ কৰাৰ পাছতে তেওঁৰ চৰকাৰী বাসগৃহত প্ৰতিবাদী ৰাইজ প্ৰৱেশ কৰি সকলো তচনত কৰে ।
উল্লেখ্য যে, ২০২২ চনত শ্ৰীলংকাতো সৃষ্টি হৈছিল অনুৰূপ পৰিস্থিতি । ৰাইজৰ প্ৰতিবাদৰ ওচৰত হাৰ মানি দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হৈছিল শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছে । ইয়াৰ পাছতেই ৰাষ্ট্ৰপতি ভৱন প্ৰতিবাদী ৰাইজ প্ৰৱেশ কৰি সকলো তচনচ কৰি পেলাইছিল ।
বিদ্ৰোহৰ কাৰণ ?
উল্লেখ্য যে, বাংলাদেশত সংৰক্ষণ ব্যৱস্থা দীৰ্ঘদিন ধৰি বিবাদৰ বিষয় হৈ আহিছে। মূলতঃ বাংলাদেশৰ মুক্তিযোদ্ধাৰ পৰিয়ালৰ লোকৰ বাবে লোকসেৱা পৰীক্ষা আৰু চৰকাৰী চাকৰিত সংৰক্ষণৰ ব্যৱস্থাক লৈ আৰম্ভ হৈছে বিদ্ৰোহ । শেহতীয়াকৈ চৰকাৰে নীতি পৰিৱৰ্তন কৰি সেই সংৰক্ষণ কোটা 30% ৰ পৰা 40% লৈ বৃদ্ধি কৰে । চৰকাৰৰ এই সিদ্ধান্তই ছাত্ৰ-ছাত্ৰীৰ মাজত ব্যাপক অস্থিৰতাৰ সৃষ্টি কৰিছে। প্ৰতিবাদী ছাত্ৰই শ্বেখ হাছিনাৰ পদত্যাগৰ দাবী উত্থাপন কৰে ।
কোটা প্ৰণালী বাতিলৰ দাবী এই প্ৰতিবাদ যোৱা মাহৰ শেষৰ ফালে আৰম্ভ হয় । এই প্ৰতিবাদৰ প্ৰতি কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজে অভূতপূৰ্ব সমৰ্থন আগবঢ়াই । ইয়াৰ লগে লগেই প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত আৰম্ভ হয় তীব্ৰ সংঘাত আৰু উত্তেজনা ।
ছাত্ৰসকলে অভিযোগ কৰে যে, প্ৰধানমন্ত্ৰী হাছিনাৰ দল আৱমী লীগৰ কৰ্মীয়ে শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত আক্ৰমণ কৰে ।
তেওঁলোকে (আৱামী লীগৰ কৰ্মী) আমাক আক্ৰমণ নকৰালৈকে আমি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি আছিলো। প্ৰতিবাদ অব্যাহত ৰখাটো আমাৰ অধিকাৰ, ই এই দেশৰ ইতিহাসত অন্তৰ্ভুক্ত হৈ আছে আৰু আমি আমাৰ অধিকাৰৰ বাবে এইটো অব্যাহত ৰাখিম,” নিৰ্যাতনৰ ভয়ত নাম ল’ব নিবিচৰা এগৰাকী ছাত্ৰই কয় ।
প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি এই সংৰক্ষণ প্ৰণালী বৈষম্যমূলক আৰু কেৱল শ্বেখ হাছিনাৰ সমৰ্থকসকলেহে এই সুবিধা লাভ কৰিছিল ।
উচ্চতম ন্যায়ালয়ে কি কয়?
স্মৰ্তব্য যে, হাছিনাৰ চৰকাৰে ২০১৮ চনত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ পিছত চাকৰিৰ কোটা প্ৰণালী বন্ধ কৰি দিয়ে, কিন্তু যোৱা মাহত উচ্চ ন্যায়ালয়ৰ এক ৰায়ত সেই সিদ্ধান্ত বাতিল কৰা হয় । ইয়াৰ লগে লগে পুনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিদ্ৰোহৰ উকমুকনি ঘটে । ছাত্ৰ-ছাত্ৰীৰ ব্যাপক প্ৰতিবাদৰ পাছত দুয়ো পক্ষৰ মাজত হোৱা এক আলোচনা মৰ্মে ২১ জুলাইত, উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল যে ৯৩ শতাংশ চৰকাৰী চাকৰি যোগ্যতাৰ ভিত্তিত আৱণ্টন কৰা হ’ব আৰু পাঁচ শতাংশ স্বাধীনতা সংগ্ৰামত সেৱা আগবঢ়োৱাসকলৰ বাবে হ’ব। বাকী দুই শতাংশ জাতিগত সংখ্যালঘু আৰু ট্ৰেন্সজেণ্ডাৰ আৰু বিকলাঙ্গ লোকৰ সদস্যসকলৰ বাবে সংৰক্ষিত কৰা হ’ব। উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছতে পৰিস্থিতি কিছু শামকাটে । কিন্তু হঠকাৰী সিদ্ধান্তৰ বাবে মৃত্যুক সাবটি ল’ব লগা হোৱা ২০০ লোকৰ বাবে চৰকাৰক ক্ষমা খোজাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে । এই সময়ছোৱাত, সমগ্ৰ বাংলাদেশত শতাধিক ছাত্ৰ নেতাক গ্ৰেপ্তাৰ কৰাৰ লগতে বহুতৰ ওপৰত আৰক্ষীয়ে নিৰ্যাতন চলায় । ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদসমূহে বাংলাদেশৰ শাসন আৰু অৰ্থনীতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ লগতে ৩২ নিযুত নিবনুৱাৰ বাবে হতাশাৰ কাৰণ হৈ পৰে ।
কিয় পদত্যাগ কৰিলে শ্বেখ হাছিনাই?
লক্ষণীয় কথাটো হ’ল যে, হাছিনাই দেশৰ জনতাৰ ওচৰত ক্ষমা খোজাৰ পৰিৱৰ্তে প্ৰতিবাদকাৰীসকলক সন্ত্ৰাসবাদী আখ্যা দিয়ে আৰক্ষীক প্ৰতিবাদকাৰীক দেখিলেই গুলীচালনাৰ নিৰ্দেশ প্ৰদান কৰে । প্ৰতিবাদকাৰীৰ ক্ষোভ ইমানেই বৃদ্ধি পায় যে, বিগত সপ্তাহত প্ৰতিবাদে ধাৰণ কৰে চূড়ান্ত পৰ্যায় । লাহে লাহে, সমগ্ৰ দেশতেই হিংসাত্মক ঘটনা বৃদ্ধি পায় । প্ৰতিবাদকাৰীৰ লক্ষ্য হৈ পৰে, চৰকাৰী ভৱন, শাসনাধিষ্ঠ আৱামী লীগ দলৰ কাৰ্যালয়, আৰক্ষী থানা আৰু জনপ্ৰতিনিধিৰ ঘৰ আদি। দেশখনৰ ৬৪ খন জিলাৰ ভিতৰত প্ৰায় ৩৯ খন জিলাত সংঘৰ্ষৰ খবৰ পোহৰলৈ আহে । কিন্তু ৪ আগষ্টৰ দিনটো এটা ভয়ংকৰ তথা বাংলাদেশৰ ইতিহাসৰ বাবে ক’লা দিন হিচাপে বিবেচিত হয় । ৪ আগষ্ট, দেওবাৰৰ দিনটোত প্ৰতিবাদকাৰী আৰু আৰক্ষী উভয় পক্ষৰে অতি কমেও ৯৫জন লোক নিহত হয় ।
ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমন্বয়কসকলে সোমবাৰে চৰকাৰক চূড়ান্ত উত্তৰ দিবলৈ “ঢাকালৈ মাৰ্চ” শীৰ্ঘষ এক প্ৰতিবাদী মিছিল বাহিৰ কৰে । আইনৰ সকলো শক্তিক প্ৰত্যাহ্বান জনাই আৰম্ভ কৰা এই ৰেলীৰ প্ৰতি সমৰ্থন জনায় দেশখনৰ অধিকাংশ লোকে ।
“চৰকাৰে বহুতো শিক্ষাৰ্থীক হত্যা কৰিছে। চূড়ান্ত উত্তৰৰ সময় আহি পৰিছে,” দেওবাৰে ফেচবুকত এক পষ্টত প্ৰতিবাদ সমন্বয়ক আচিফ মাহমুদে কয়। “সকলোৱে ঢাকালৈ আহিব, বিশেষকৈ সমীপৰ জিলাৰ পৰা। ঢাকালৈ আহক আৰু ৰাস্তাত থিয় হওক।” প্ৰতিবাদৰ চূড়ান্ত ৰূপ দেখি অৱশেষত সোমবাৰে প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰি দেশ এৰি সেনা-বাহিনীৰ বিশেষ হেলিকপ্টাৰেৰে ভাৰতলৈ পলায়ন কৰে শ্বেখ হাছিনাই ।
কি হ’ব বাংলাদেশত ?
সেনা প্ৰধান জেনেৰেল ৱেকাৰ-উজ-জামানে দেশবাসীক টেলিভিছনত দিয়া ভাষণত ঘোষণা কৰে যে এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হ’ব। তেওঁ কয় যে “আমাৰ দেশৰ বাবে এয়া এক সংকটজনক সময়” আৰু সংকট নিয়ন্ত্ৰণ কৰা হ’ব । “আমি এতিয়া দেশৰ ৰাষ্ট্ৰপতিৰ ওচৰলৈ যাম, য’ত আমি অন্তৱৰ্তীকালীন চৰকাৰ গঠন, অন্তৱৰ্তীকালীন চৰকাৰ গঠন আৰু ৰাষ্ট্ৰ পৰিচালনাৰ বিষয়ে আলোচনা কৰিম।”
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভাৰত-বাংলাদেশ সীমান্তত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ আশংকা আছে । যৰ বাবে নিৰাপত্তা ব্যৱস্তা কঠোৰ কৰি তোলা হৈছে। ভাৰতৰ পৰা বাংলাদেশলৈ যোৱা সকলো ৰেল বাতিল কৰাৰ লগতে সকলো বিমান সেৱাও বাতিল কৰা হৈছে ।