![](https://updatenowne.in/wp-content/uploads/2023/06/20230608_011913-1024x576.jpg)
নিউজ ডেস্ক, ৮ জুনঃ ন্যায় পাবনে SI জোনমণি ৰাভাৰ পৰিয়ালে ? এই প্ৰশ্ন এতিয়া সকলোৰে মনত ।
জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু আৰু ঘটনাৰ তদন্ত প্ৰক্ৰিয়া CBI লৈ হস্তান্তৰ কৰা সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,”CBIয়ে গোচৰটো ল’বলৈ ৩০ৰ পৰা ৪৫ দিনৰ সময় লয়; প্ৰথমতে বিষয়টো ভাৰত চৰকাৰৰ হাতলৈ যায়; ভাৰতৰ চৰকাৰৰ পৰা CBI লৈ চিঠি যায়; ইয়াৰ পাচত CBIয়ে গোচৰটো ল’ব নে নলয় সেয়া বিবেচনা কৰে; এই গোটেই প্ৰক্ৰিয়াটোত ৩০ৰ পৰা ৪৫ দিনৰ সময় লাগে।”
CBI য়ে গোচৰটো নল’লে গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিম বুলি কোৱাৰ লগতে CBIক পুনৰ বিবেচনাৰ বাবে অনুৰোধ কৰিম বুলিও কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পৰা এই কথা স্পষ্ট হয় যে বৰ্তমানে CBIয়ে আৰম্ভ কৰা নাই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া। এই সমগ্ৰ প্ৰক্ৰিয়া এতিয়া আৰু অধিক দীঘলীয়া হোৱাৰ সম্ভাৱনাই বেছি । কিয় চৰকাৰে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াক সহজভাৱে লৈছে, তাকে লৈ সাধাৰণ ৰাইজৰ মনত উদয় হৈছে বহু প্ৰশ্নৰ ।