ধৰ্ষণকাণ্ডক লৈ ভুৱা তথ্য প্ৰচাৰ কৰাৰ অভিযোগ; বিজেপি নেত্ৰীসহ চিকিৎসকলৈ চমন জাৰি কলকাতা আৰক্ষীৰ

নেশ্যনেল ডেস্ক, ১৮ আগষ্টঃ বিজেপি নেত্ৰী লকেট চেটাৰ্জীসহ কলকাতাৰ দুই চিকিৎসকক ভুৱা তথ্য প্ৰচাৰৰ কৰাৰ অভিযোগত চমন জাৰি কৰিছে আৰক্ষীয়ে । অভিযোগ অনুসৰি  আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ধৰ্ষণ কৰি হত্যা কৰা মহিলা চিকিৎসকগৰাকীৰ পৰিচয় প্ৰকাশ কৰিছিল এইসকল লোকে । এই তিনিগৰাকী লোকৰ ওপৰিও আন ৫৭গৰাকীক ভুৱা তথ্য প্ৰচাৰ কৰাৰ বাবে চমন জাৰি কৰিছে আৰক্ষীয়ে ।

ড০ কুনাল সৰকাৰ আৰু ড০ সুবৰ্ণ গোস্বামীক দেওবাৰে আবেলি ৩ বজাত লালবজাৰৰ কলকাতা আৰক্ষী মুখ্য কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। এই লোকসকলৰ বিৰুদ্ধে ভুক্তভোগীৰ পৰিচয় প্ৰকাশ কৰা, উৰাবাতৰি বিয়পোৱা আৰু ভুৱা বাতৰি প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

প্ৰখ্যাত হৃদৰোগ বিশেষজ্ঞ ডাঃ কুনাল সৰকাৰে আৰক্ষীৰ পৰা চমন লাভ কৰাৰ কথা নিশ্চিত কৰিছে। তেওঁ পিটিআইক কয়, “হয়, মই চমন পাইছো। কিন্তু এই মুহূৰ্তত, মই চহৰৰ বাহিৰত আছোঁ আৰু সেই বিষয়ে কলকাতা আৰক্ষীক অৱগত কৰিছো। মই নাজানো তেওঁলোকে মোক কিয় মাতিছে, কিন্তু এনে লাগে যে ছ’চিয়েল মিডিয়াত মোৰ কিছুমান মন্তব্যই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কিছুমান প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে… হয়তো তাৰ বাবেই।”

পূৰ্ব বৰ্ধমান জিলাৰ উপ মুখ্য চিকিৎসা বিষয়া ডাঃ সুবৰ্ণ গোস্বামীয়ে কয় যে তেওঁ এতিয়ালৈকে চমন লাভ কৰা নাই। তেওঁ তদন্তত সহযোগিতা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰি কয়, “মই এতিয়াও একো লাভ কৰা নাই। মই নাজানো যে কলকাতা আৰক্ষীয়ে কিয় মোক চমন জাৰি কৰিব । মই কৈ আহিছো যে মই সকলো সম্ভৱ প্ৰকাৰে তদন্তত সহযোগিতা কৰিম। মই ভুক্তভোগীৰ পৰিচয় প্ৰকাশ কৰা নাই বা কোনো উৰাবাতৰি বিয়পোৱা নাই।”

ইফালে, বিজেপি নেত্ৰী লকেট চেটাৰ্জীয়ে কয় যে তেওঁ এতিয়ালৈকে কোনো চমন লাভ কৰা নাই। মুঠৰ ওপৰত দেশ কঁপাই যোৱা এই হত্যাকাণ্ডই দেশত জোকাৰণিৰ সৃষ্ট কৰিছে ।

Share to your Social Account