“খিলঞ্জীয়াৰ অধিকাৰৰ দাবীৰে হোৱা গণ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ প্ৰস্তুত আলফা স্বাধীন”-তিনিচুকীয়াৰ ঘটনাক লৈ সংবাদ মাধ্যমলৈ আলফা স্বাধীনৰ বিবৃতি

তিনিচুকীয়া, ২২ আগষ্টঃ তিনিচুকীয়াত বুধবাৰে নিশা ৰিদিপ ডেকা নামৰ এগৰাকী যুৱকক বহিৰাগতই আক্ৰমণ কৰি মূৰ ফালি দিয়া আৰু ন্যায়ৰ দাবীৰে প্ৰতিবাদ কৰা ৬ ছাত্ৰ নেতাক তিনিচুকীয়া আৰক্ষীয়ে জন্তুৰ দৰে চোঁচৰাই নি আটক কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা স্বাধীনে । বিয়লি সংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰদান কৰি আলফা স্বাধীনে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ উচতনিমূলক নিৰ্দেশনাৰ বাবেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত খিলঞ্জীয়াৰ ওপৰত এনে আক্ৰমণ সংঘটি হৈ থকা বুলি অভিযোগ উত্থাপন কৰে ।

লগতে আলফা স্বাধীনে বিবৃতিটোত কয়, “তিনিচুকীয়া আৰক্ষী-প্ৰশাসনে আটাইকেইগৰাকী অভিযুক্তক অনতিপলমে কৰায়ত্ব কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰক৷ আনহাতে উক্ত ঘটনাৰ বাবে হোৱা প্ৰতিবাদত তিনিচুকীয়া, ডুমডুমা, পেঙেৰী আদি যিসকলক আৰক্ষীয়ে আটক কৰিছে তেওঁলোকক চৰ্তহীনভাৱে মুক্তি কৰি দিয়ক৷”

“বহিৰাগত বনিয়া আৰু আৰক্ষী বিষয়াৰ এনে দমন নীতিক প্ৰতিহত কৰিবলৈ থলগিৰি যুৱক-যুৱতী, আবাল-বৃদ্ধ-বনিতা সকলোৱে মাউখে ওলাই আহক৷ এনে একোখন গণ আন্দোলনলৈ আমাৰ সমৰ্থন থকাৰ উপৰিও প্ৰয়োজন সাপেক্ষে কায়িকভাৱে অংশগ্ৰহণ কৰিবলৈ আমি সদা প্ৰস্তুত৷”

আলফা স্বাধীনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এই বিবৃতিয়ে এতিয়া যথেষ্ট তাপৰ্য বহন কৰিছে । কিয়নো কেইটামান দিনপূৰ্বে শিৱসাগৰত সংঘটিত হোৱা ঘটনাক লৈ আলফা স্বাধীনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছতে শৃংখল চলিহাৰ বিৰুদ্ধে দিয়া গোচৰ উঠাই ল’বলৈ বাধ্য হৈছিল দুই বহিৰাগতই ।

কি হৈছিল প্ৰকৃত ঘটনা-

গণতান্ত্ৰিক প্ৰতিবাদকাৰী আৰু নিৰস্ত্ৰ জনতাৰ ওপৰত সময়ে সময়ে বৰমতা দেখুৱাই আহিছে অসম আৰক্ষীয়ে । আজিৰ দিনটোত তিনিচুকীয়াত সংঘটিত হ’ল অনুৰূপ ঘটনা । উল্লেখ্য যে, তিনিচুকীয়াৰ ন-পুখুৰীৰ ৰিদীপ ডেকা নামৰ এজন যুৱকক বুধবাৰে নিশা বাট এৰি দিবলৈ কোৱাৰ বাবেই খৰ্গেশ্বৰ পথত গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে ৭-৮ জনীয়া অনা অসমীয়া বণিয়াৰ দলে ।

এই ঘটনাৰ পাছতেই অনা-অসমীয়াৰ দাদাগিৰিৰ বিৰুদ্ধে তিনিচুকীয়াৰ ৰাজপথলৈ ওলাই আহিল কেইবাটাও সংগঠনৰ নেতৃত্ব । ঘটনা জড়িত থকা সকলোকে শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি শাস্তি বিহাৰ দাবীৰে থানা চাৰিআলিত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতি ।

প্ৰথমে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰে হতাহতি আৰু পৰৱৰ্তী পৰ্যায়ত ছাত্ৰ নেতা Gfx-উমানন্দ মুদৈ মৰাণ, কেশৱ দহোটীয়া, কল্যাণ চেতিয়া, অখিল বৰুৱা, ৰীমান্ত দুৱাৰা আৰু প্ৰিঞ্চ দাসক জন্তুৰ দৰে চোঁচৰাই নিলে তিনিচুকীয়া সদৰ থানাৰ আৰক্ষীয়ে ।

অনা-অসমীয়াক নিয়ন্ত্ৰণ কৰিব নোৱাৰা তিনিচুকীয়া আৰক্ষীয়ে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা ছাত্ৰৰ ওপৰত বৰমতা প্ৰদৰ্শন কৰাক লৈ এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া । আটকাধীন সকলোকে বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীৰে তিনিচুকীয়া জিলাৰ ডিৰাক গেট, ৰূপাই, মাকুম, পেঙেৰী, পানীতোলা আদি স্থানত ৰাজপথ অৱৰোধ সাব্যস্ত কৰে সকলো সংগঠনৰ নেতৃত্বই ।

মুঠৰ ওপৰত আজিৰ দিনটোত স্তব্দ হৈ পৰিল তিনিচুকীয়াৰ স্বাভাৱিক জনজীৱন । আটক কৰা ৬ প্ৰতিবাদকাৰীক বিনা চৰ্তে মুকলি কৰি নিদিলে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা অচল কৰি দিয়াৰ হুংকাৰ দিছে বিভিন্ন দল সংগঠনৰ নেতৃত্বই ।

ইফালে, এই ঘটনাৰ ক্ষন্তেক পাছতেই থানা চাৰিআলিত উপস্থিত হ’লহি আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপ । এই প্ৰতিবাদক অসামাজিক আখ্যা দিয়াৰ লগতে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ।

মন কৰিবলগীয়া যে, ডুমডুমাতো বুধবাৰে নিশা বহিৰাগতৰ হাতত প্ৰহৃত হ’ল বীৰ লাচিত সেনাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি বিদ্যুৎ বৰুৱাক । মুঠৰ ওপৰত এতিয়া তিনিচুকীয়াত চলিছে বিহাৰী-মাৰোৱাৰীৰ দপদপনি । অতি লজ্জাজনক বিষয় যে, তিনিচুকীয়া আৰক্ষীয়ে বহিৰাগৰ দপদপনি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ আহিছে । কিয়নো পূৰ্বেও এনে ঘটনা জিলাখনত সংঘটিত হৈ যোৱাৰ নজিৰ আছে । সেয়া যিকি নহওক, পুনৰ এতিয়া তিনিচুকীয়া জ্বলি উঠাৰ সম্ভাৱনা গাঢ় হৈ উঠিছে ।

Share to your Social Account