অনিশ্চয়তাত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ; অসম চৰকাৰৰ মন্ত্ৰী গোটে এতিয়াও কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিব পৰা নাই প্ৰতিবেদন

আপডেট নাউ, ৩০ আগষ্টঃ দীৰ্ঘদিনৰ পৰা ৰাজ্যখনৰ মৰাণ, মটক, আহোম, চুতীয়া, কোঁচ ৰাজবংশী আৰু চাহ জনজাতিৰ জনজাতিকৰণৰ বাবে সংগঠনসমূহে প্ৰতিবাদী কাৰ্যসূচী পালন কৰি আহিছে । সমান্তৰালভাৱে জনাজাতিকৰণৰ বাবে যাৱতীয় কাম-কাজ ত্বৰান্বিত কৰিবলৈ চৰকাৰক হেঁচা প্ৰদান কৰি আহিছে । কিন্তু আজিলৈকে সেয়া সম্ভৱ হৈ নুঠিল । বৰঞ্চ প্ৰতিখন চৰকাৰে এই জনগোষ্ঠী কেইটাক প্ৰতাৰণাহে কৰি আহিছে । পুনৰ সেই কথা স্পষ্ট হৈ পৰিল অসম বিধানসভাৰ মজিয়াত ।
অসম বিধানসভাৰ মজিয়াত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া কি পৰ্যায়ত আছে আৰু জনজাতিকৰণ দিশ পৰ্যৱেষণৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গঠন কৰি দিয়া মন্ত্ৰী গোটে কেতিয়া প্ৰতিবেদন দাখিল কৰিব সেই সম্পৰ্কে প্ৰশ্ন কৰে । অখিল গগৈৰ লিখিত প্ৰশ্নৰ উত্তৰ দিয়ে জনজাতি পৰিক্ৰমা মন্ত্ৰী ৰণোজ পেগুৱে ।
অখিল গগৈৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পেগুৱে কয় যে, অসমৰ ৬ জনগোষ্ঠী ক্ৰমে মৰাণ, মটক, চুতীয়া, আহোম, চাহ জনগোষ্ঠী আৰু কোঁচ-ৰাজবংশীসকলৰ জনজাতি কৰণৰ প্ৰক্ৰিয়াটো বর্তমান কেন্দ্রীয় চৰকাৰৰ বিবেচনাধীন হৈ আছে। কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন সাপেক্ষে বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, কোনো জনগোষ্ঠীক জনজাতি কৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে কিছুমান বৈশিষ্ট নির্ধাৰণ কৰি দিছে। এই ক্ষেত্ৰত নৃতাত্বিক প্ৰতিবেদনৰ প্ৰয়োজন হ’ব।
ইফালে, কলিতা জনগোষ্ঠীক জনজাতি কৰণৰ ক্ষেত্ৰত উক্ত বৈশিষ্টসমূহ আছে নে নাই সেই সম্পৰ্কীয় প্রতিবেদনত অসম জনজাতি আৰু অনুসূচীত জাতি গৱেষণা প্ৰতিষ্ঠানে জনাইছে যে যদিহে জনজাতি কৰণৰ বৈশিষ্টসমূহ কেন্দ্ৰীয় চৰকাৰে সৰলীকৰণ কৰে তেতিয়াহলে কলিতা জনগোষ্ঠীৰ নৃতাত্বিক প্ৰতিবেদন তৈয়াৰ কৰিব পৰা যাব। নাথ যোগীসকলক জনজাতিকৰণৰ ক্ষেত্ৰত কোনো আবেদন বিভাগে পোৱা নাই বুলি প্ৰশ্নৰ উত্তৰত উল্লেখ কৰে ৰণোজ পেগুৱে ।
কিন্তু অতি তাত্পৰ্যৰপূৰ্ণভাৱে অসম চৰকাৰৰ মন্ত্ৰী গোটে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে এতিয়া প্ৰতিবেদন দাখিল কৰিব পৰা নাই বুলি উল্লেখ কৰে । মন্ত্ৰী পেগুৱে কয়, “১৪ জানুৱাৰী ২০১৯ তাৰিখে ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দিশবোৰ পৰীক্ষা কৰিবলৈ গঠন কৰা মন্ত্ৰীমণ্ডলীৰ গোটটোৰ পৰামৰ্শসমূহ চূড়ান্ত নোহোৱাৰ বাবে পৰামৰ্শসমূহ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হোৱা নাই। অধিসুচনা নং ২৩২৯৪৯/৭৯১ তাং 04/09/2014 দ্ধাৰা জনজাতি পৰিক্ৰমা (ভৈয়াম) ৰ মাননীয় মন্ত্রী মহোদয়ক অধ্যক্ষ হিচাপে লৈ এই কমিটীখন পুনৰ গঠিত হৈছে। এই কমিটীখনে ২৫/০৭/২০২৪ তাৰিখে আলোচনাত মিলিত হয়। এই সম্পর্কে চূড়ান্ত সিদ্ধান্তত উপনীত হোৱাৰ বাবে আৰু কিছু আলোচনাৰ প্ৰয়োজনীয়তা আছে।”
অৰ্থাৎ অসম চৰকাৰৰ মন্ত্ৰীগোটে এতিয়াও প্ৰতিবেদন দাখিল কৰিব নাই । বৰঞ্চ কেন্দ্ৰীয় চৰকাৰৰ গালৈ বল ঠেলি ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ বিচাৰাধীন হৈ আছে বুলি উল্লেখ কৰে ।
ইয়াৰ পৰা এটা কথা স্পষ্ট যে, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ নিৰ্বাচনৰ টোপৰ বাবে আন একো নহয় ।