গিবন অভয়াৰণ্যৰ জীৱ-জন্তুলৈ ভাবুকি

আপডেট নাউ, ১ ছেপ্টেম্বৰঃ ৰে’ল লাইনৰ বিদ্যুতিকৰণ ফলত দেশৰ ৰে’লৱে ব্যৱস্থা অধিক শক্তিশালী হৈ উঠিছে সেইয়া দেশৰ উন্নয়ন। কিন্তু সেই উন্নয়নে কেতিয়াবা জীৱকুললৈ বিপদ কঢ়িয়াই আনে।
জীৱকুললৈ ভাবুকি অহাৰ আশংকা কৰি হোলোঙাপাৰ গিবন অভয়াৰণ্য আৰু ইয়াৰ কাষৰ সংবেদনশীল অঞ্চলসমূহত অন্তৰ্ভুক্ত ৰে’ল লাইনৰ বিদ্যুতিকৰণ আৰু ৰে’ল লাইনৰ মাজেদি যোৱা ৰেলপথটো বিকল্প পথ বাচি লোৱাৰ বাবে দাবী জনাইছে ভাৰতৰ ছাত্ৰ ফেডাৰেচন ( এছ এফ আই) আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন ( ডি ৱাই এফ আই)ৰ।
সংগঠন দুটাই আজি এখন সংবাদমেল অনুষ্ঠিত কৰি কয় যে- অসমৰ যোৰহাট জিলাস্থিত ভাৰতৰ অন্যতম চিৰসেউজ অৰণ্যৰ সংৰক্ষিত অঞ্চল – হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ প্ৰতি এটাৰ পিছত আন এটা ভাবুকি পোহৰলৈ আহিছে। বেদান্ত গ্ৰুপৰ দ্বাৰা সেই অঞ্চলত তেল খননৰ সম্ভাৱনা বিচাৰ কৰি থকাৰ বিষয়টো চৰ্চাত থকাৰ উপৰি দীৰ্ঘদিন ধৰি চলি থকা অন্য এক বিষয় হৈছে হোলোঙাপাৰ গিবন অভ্যয়াৰণ্যৰ মাজেৰে যোৱা ৰেল পথৰ বিদ্যুতিকৰণ।
উল্লেখ্যে যে অভয়াৰণ্যখনৰ মাজেৰে যোৱা ব্ৰড গজ ছিংগল ট্ৰেক ৰে’ল লাইনৰ বৈদ্যুতিকৰণৰ নামত ২৫০০০ ভল্টৰ বিদ্যুত পৰিবাহী তাঁৰ সংস্থাপনৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে এতিয়া কেৱল বিদ্যুৎ প্ৰবাহ কৰাৰ কামহে বাকী আছে। এই কাম সম্পূৰ্ণ হোৱাৰ পাছতে অভয়াৰণ্যৰ জীৱ জন্তুৰ বাবে বিপদঘন্টা হৈ পৰিব বুলি আশংকা কৰিছে দুই সংগঠনে।
লগতে হোলোঙাপাৰ গিবন অভয়াৰণ্য আৰু ইয়াৰ কাষৰ সংবেদনশীল অঞ্চলসমূহত অন্তৰ্ভুক্ত ৰেইল লাইনৰ বিদ্যুতিকৰণ বন্ধ কৰাৰ লগতে ১.৬৫ কিঃমিঃ ৰ ৰে’ল লাইনৰ পথচোৱা সলনি কৰাৰ দাবী জনাইছে।
উল্লেখ কৰাৰ প্ৰয়োজন যে যোৰহাট জিলাৰ প্ৰায় ২১ বৰ্গকিলোমিটাৰজুৰি থকা এই অভয়াৰণ্যখন ৯০টা দুষ্প্ৰাপ্য হলৌ বান্দৰকে ধৰি আৰু ছয়বিধ দুষ্প্ৰাপ্য প্ৰজাতিৰ বান্দৰৰ আবাসস্থল। ইয়াৰ উপৰিও প্ৰায় ৪১ বিধ ভিন্ন প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণীৰ আৱাসভূমি, এতিয়ালৈকে দুই শতাধিক পখী আৰু দুই শতাধিক পখিলা এই অভয়াৰণ্যত অৱস্থিতি পোৱা গৈছে।
৯৫ বিধ ভিন্ন প্ৰজাতিৰ মকৰাৰ আৱাসভূমি এই অভয়াৰণ্যত ৬ বিধ ভিন্ন প্ৰজাতিৰ বন্য ৰেচম এই অভয়াৰণ্যত অৱস্থিতি পোৱা গৈছে, এই অভয়াৰণ্যৰত ১৩৮ ভিন্ন প্ৰজাতিৰ কাঠফুলা, ১৫ বিধ ভিন্ন প্ৰজাতিৰ পৰুৱা পোৱা যায়। ইয়াৰ ওপৰিও দুই শতাধিকৰো অধিক গছ-লতা, তৰু-তৃণ এই অভয়াৰণ্যত পোৱা যায়।
আনহাতে বিগত বছৰত ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়াই “Artificial Canopy Bridge Design to facilitate Western Hoolock Gibbon (Hoolock hoolock) crossing over Mariani-Dibrugarh broad gauge single track Railway Line in Hollongapar Gibbon Sanctuary, Assam” শীৰ্ষক এক কাৰিকৰী প্ৰতিবেদন প্ৰকাশ কৰিছিল। ইয়াত মূলতঃ হলৌ বান্দৰসমূহ ৰে’ল লাইন পাৰ হোৱাৰ বাবে কি ধৰণৰ কৃত্ৰিম ব্যৱস্থা তৈয়াৰ কৰিব পাৰি, সেই বিষয়ে আলোচনা কৰা হৈছিল। সেই প্ৰতিবেদনত ৰে’ল লাইনৰ বিদ্যুতিকৰণৰ ফলত বন্য প্ৰাণী বিদ্যুৎস্পৃষ্ট হোৱা অতিৰিক্ত বিপদ সম্পৰ্কে সকীয়াই দি বিদ্যুতিকৰণৰ দিশে আগুৱাই যাওঁতে গভীৰভাৱে চিন্তা কৰাৰ প্ৰয়োজন বুলি কোৱাৰ লগতে ৰেল লাইনৰ পথচোৱা সলনিৰ পৰামৰ্শ বিশেষভাৱে উল্লেখ কৰিছিল। লগতে প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি “ৰে’লৱে বিভাগে দীৰ্ঘম্যাদী চিন্তাৰে আগবাঢ়ি তেওঁলোকৰ সংৰক্ষণ নীতি তুলি ধৰিব লাগিব আৰু সেয়ে হোলোঙাপাৰ গিবন অভয়াৰণ্য আৰু ইয়াৰ পৰিৱেশগতভাৱে সংবেদনশীল অঞ্চলৰ পৰা আঁতৰাই কাষৰীয়া ৰাজহ আৰু অ-বনভূমিৰ মাজেৰে বৰ্তমানৰ ৰে’ল লাইনক পুনৰায় নিৰ্ধাৰণ কৰাৰ সকলো সম্ভাৱনা অন্বেষণ কৰিব লাগিব” বুলি স্পষ্টকৈ উল্লেখ কৰিছিল।
কিন্তু পৰিতাপৰ বিষয় যে ৰে’ল লাইনৰ দিশ পুনৰ নিৰ্ধাৰণ হোৱা দূৰৰে কথা ৰে’ল লাইনৰ বিদ্যুতিকৰণৰ কামহে সম্পূৰ্ণ কৰাৰ লগতে জীৱকুলৰ আৱাসস্থলীৰ মাজেৰে ২৫০০০ ভল্টৰ বিদ্যুত পৰিবাহী তাঁৰ সংযোগ কৰা হ’ল। বিদ্যুৎ প্ৰৱাহ আৰম্ভ হ’লেই জীৱকুলৰ বিনাশ হোৱাৰ আশংকা কৰাৰ লগতে গিবন অভয়াৰণ্যৰ ঐতিহ্যকো ধ্বংস কৰি পেলাব বুলি আশংকা কৰা হৈছে।
আনহাতে এছ এফ আই আৰু ডি ৱাই এফ আইৰ যোৰহাট জিলা কমিটিয়ে ইতিমধ্যে জিলা উপায়ুক্ত, জিলা বন বিষয়া, বন মন্ত্ৰী, মুখ্যমন্ত্ৰী, বিধায়ক ৰূপজ্যোতি কুৰ্মী, উত্তৰ – পূব সীমান্ত ৰে’ল সীমান্তৰ মহাপ্ৰবন্ধক, তিনিচুকীয়া ডিভিজনলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছিল কিন্তু বিষয়টো ওপৰত কোনেও গুৰুত্ব প্ৰদান কৰা নাই।
BITE-
বৰ্তমান সময়ত গোটেই বিশ্বজুৰি বনাঞ্চল আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে এক সুসংগঠিত প্ৰতিৰোধ মানুহে দেশে দেশে গঢ়ি তুলিছে। কিন্তু সেইখিনি সময়তে দেশৰ শাসক গোষ্ঠীৰ শেন চকু পৰিছে গিবন অভয়াৰণ্যত। উন্নয়নৰ নামত যধেমধে বনাঞ্চল ধ্বংসই পৰিৱেশৰ ভাৰসাম্যতাৰ বাৰুকৈয়ে অৱনতি ঘটাইছে , বন্য জীৱকুল বৰ্তমান বিলুপ্তৰ পথত। দিনে দিনে বাঢ়ি অহা অত্যধিক উত্তাপে পৰিৱেশ অধিক জটিল কৰি তুলিছে । আৰু সেইখিনি সময়তে হোলোঙাপাৰ গিবন অভয়াৰণ্যক হত্যা কৰিব ওলাইছে ৰাজ্য আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰে। গিবন অভয়াৰণ্য ৰক্ষাৰ বাবে এছ এফ আই আৰু ডি ৱাই এফ আয়ে তীব্ৰ আন্দোলন সংগঠিত কৰিব আৰু এই ক্ষেত্ৰত সকলোকে আগুৱাই অহাৰ বাবে আহ্বান জনাইছে। সংগঠন দুয়োটাই সেউজ ন্যায়াধীকৰণকো এই বিষয়ত হস্তক্ষেপ কৰাৰ বাবে অনুৰোধ জনাব বুলি জানিবলৈ দিছে।