মাকুম বিধানসভা সমষ্টিত হাই-ভল্টেজ যুঁজ: বিজেপিৰ সঞ্জয় কিষাণৰ সন্মুখত কংগ্ৰেছৰ শিৱনাথ চেতিয়া
মাকুম, ২১ মাৰ্চ, ২০২৬: অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰাৰ মাজতে তিনিচুকীয়া জিলাৰ নতুনকৈ গঠিত ৮৫ নং মাকুম বিধানসভা সমষ্টিটো এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ডিগবৈ, তিনিচুকীয়া, চাবুৱা আৰু ডুমডুমা সমষ্টিৰ একাংশক সামৰি গঠিত হোৱা এই নতুন সমষ্টিটোত অহা ৯ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ৪ মে’ত ফলাফল ঘোষণা কৰা হ’ব। প্ৰথমবাৰৰ বাবে নিৰ্বাচনৰ মুখ দেখা মাকুমত বিজেপি আৰু কংগ্ৰেছৰ প্ৰাৰ্থীত্বক কেন্দ্ৰ কৰি এক তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ ইংগিত পোৱা গৈছে।
বিজেপিৰ প্ৰাৰ্থীত্বক লৈ অসন্তুষ্টি
বিজেপিয়ে এই আসনখনৰ বাবে তিনিচুকীয়াৰ দুবাৰৰ বিধায়ক সঞ্জয় কিষাণক প্ৰক্ষেপ কৰিছে। কিন্তু এই সিদ্ধান্তই দলটোৰ ভিতৰচ’ৰাত তীব্ৰ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিশেষকৈ যুৱ নেতা ত্ৰিদীপজ্যোতি মৰাণ, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণ আৰু চাহ জনজাতিৰ নেতা মনোজ ধানোৱাৰৰ দৰে স্থানীয় নেতাক আওকাণ কৰি সঞ্জয় কিষাণক টিকট দিয়াত স্থানীয় বিজেপি কৰ্মীসকল ক্ষুব্ধ হৈ পৰিছে। তিনিচুকীয়াত তেওঁৰ ১০ বছৰীয়া কাৰ্যকালত আশানুৰূপ উন্নয়ন নোহোৱাৰ অভিযোগ তুলি একাংশ ভোটাৰে এতিয়া নতুন নেতৃত্বৰ পোষকতা কৰিছে।
সমষ্টিটোৰ জনগাঁথনি আৰু গুৰুত্ব মাকুম সমষ্টিৰ নিৰ্বাচনী অংক যথেষ্ট জটিল। প্ৰায় ১৫ খন গাঁও পঞ্চায়ত, ২২১ খন গাঁও আৰু ২১ খন চাহ বাগিচাৰে গঠিত এই সমষ্টিটোত ভোটাৰৰ বিন্যাস এনেধৰণৰ:
( আনুমানিক সংখ্যা )
| অসমীয়া ভাষী (মৰাণ, মটক, আহোম, সোণোৱাল কছাৰী আদি)- ৮২,৩০০
চাহ জনজাতি- ৪৬,০০০
বঙালী ভাষী- ১০,০০০
হিন্দী ভাষী- ৬,৫০০
মুছলমান সম্প্ৰদায়- ৬,০০০
নেপালী সম্প্ৰদায়- ৬,০০০
ঐতিহাসিকভাৱে মৰাণ আৰু মটকসকলৰ বাবে গুৰুত্বপূৰ্ণ এই অঞ্চলটোত জনজাতীয়কৰণৰ (ST Status) দাবীয়ে নিৰ্বাচনত বিশেষ প্ৰভাৱ পেলাব। বিশেষকৈ ২০২৫ চনৰ ছেপ্টেম্বৰত মৰাণ জনগোষ্ঠীৰ অৰ্থনৈতিক অৱৰোধৰ ঘটনাই চৰকাৰৰ বিৰুদ্ধে থকা ক্ষোভ স্পষ্ট কৰি দিছিল।
কংগ্ৰেছৰ শক্তিশালী প্ৰত্যাহ্বান
বিজেপিৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছে স্থানীয় নেতা শিৱনাথ চেতিয়াক (Sivanath Chetia) প্ৰাৰ্থী হিচাপে থিয় কৰাইছে। সমষ্টিটোত চেতিয়াৰ শক্তিশালী সাংগঠনিক ভেটি আৰু তৃণমূল পৰ্যায়ৰ সংযোগে বিজেপিৰ বাবে বিপদ মাতিব পাৰে বুলি ধাৰণা কৰা হৈছে। এজন শক্তিশালী স্থানীয় নেতা হিচাপে তেওঁৰ গ্ৰহণযোগ্যতাই কংগ্ৰেছক নিৰ্বাচনী যুঁজত আগুৱাই ৰাখিছে।
বহুকোণীয়া প্ৰতিদ্বন্দ্বিতা
কেৱল বিজেপি-কংগ্ৰেছেই নহয়, আন দলসমূহৰ উপস্থিতিয়েও মাকুমৰ যুঁজখন ৰোমাঞ্চকৰ কৰি তুলিছে:
তৃণমূল কংগ্ৰেছ (TMC): দলটোৱে দিলীপ মৰাণক প্ৰাৰ্থীত্ব দি মৰাণ ভোট বেংকত থিয় দিছে।
জয় ভাৰত পাৰ্টী: এই দলটোৱেও প্ৰাৰ্থী ঘোষণা কৰিছে।
নিৰ্বাচনী ফলাফলৰ মূল কাৰকসমূহ
ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, মাকুমৰ ফলাফল নিৰ্ভৰ কৰিব মূলতঃ চাৰিটা বিষয়ৰ ওপৰত:
১/ বিৰোধী দলসমূহে বিজেপি বিৰোধী ভোট বিভাজন ৰোধ কৰিব পাৰিবনে?
২/ মৰাণ আৰু মটক ভোটাৰসকলে কাৰ পক্ষ ল’ব?
৩/ চাহ জনজাতিৰ ৪৬,০০০ ভোটাৰে বিজেপিৰ উন্নয়নৰ প্ৰতিশ্ৰুতি নে কংগ্ৰেছৰ পৰিৱৰ্তনৰ আহ্বানত সঁহাৰি দিব?
৪/ নিৰ্দলীয়ৰ ‘স্পইলাৰ’ ভূমিকাঃ অতীতৰ নিৰ্বাচনসমূহলৈ চালে দেখা যায় যে অসমৰ বহু সমষ্টিত অতি কম ভোটৰ ব্যৱধানত জয়-পৰাজয় নিৰ্ধাৰণ হয়। তেনে ক্ষেত্ৰত ৩-৫ হাজাৰ ভোট লাভ কৰা এজন নিৰ্দলীয় প্ৰাৰ্থীয়ো মূল দলসমূহৰ বাবে ‘স্পইলাৰ’ (Spoiler) বা অঘটনকাৰী হিচাপে ধৰা দিব পাৰে। মাকুমত যিহেতু প্ৰথমবাৰৰ বাবে নিৰ্বাচন হৈছে, সেয়েহে ইয়াত কোনো দলৰে নিৰ্দিষ্ট ‘ভোট বেংক’ নাই—যাৰ সুবিধা নিৰ্দলীয়সকলে ল’ব বিচাৰিছে।
মুঠৰ ওপৰত, মাকুমত এতিয়া খিলঞ্জীয়াৰ অধিকাৰ, জনজাতীয়কৰণ আৰু উন্নয়নৰ ইছ্যুৱে নিৰ্বাচনী বতাহ গৰম কৰি ৰাখিছে। সঞ্জয় কিষাণৰ সাংগঠনিক শক্তি আৰু শিৱনাথ চেতিয়াৰ স্থানীয় প্ৰভাৱৰ মাজত কোনে শেষ হাঁহি মাৰিব, সেয়া ৪ মে’তহে স্পষ্ট হ’ব।