অভি-নীল হত্যাকাণ্ডৰ ৫ বছৰ সম্পূৰ্ণ; ন্যায়ৰ অপেক্ষাত পৰিয়াল

কাৰ্বি আংলঙৰ ডকমকাত অসমৰ নিৰীহ যুৱক অভি আৰু নীলৰ হত্যাকাণ্ডৰ আজি পাঁচটা বৰ্ষ সম্পূৰ্ণ হ’ল ৷ কিন্তু আজিও ন্যায় পোৱা নাই পৰিয়াল দুটাই ৷

Share to your Social Account

নিউজ ডেস্ক, ৮ জুনঃ কাৰ্বি আংলঙৰ ডকমকাত অসমৰ নিৰীহ যুৱক অভি আৰু নীলৰ হত্যাকাণ্ডৰ আজি পাঁচটা বৰ্ষ সম্পূৰ্ণ হ’ল ৷ কিন্তু আজিও ন্যায় পোৱা নাই পৰিয়াল দুটাই ৷

উল্লেখ্য যে ২০১৮ চনৰ ৮ জুনত সংঘটিত হৈছিল সেই নৃশংস হত্যাকাণ্ড ৷ এচাম দানৱৰূপী মানৱে হত্যা কৰিছিল দুই যুৱকক ৷ কাৰ্বি আংলঙৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ হত্যাৰ বলি হৈছিল অভি-নীল ৷

উল্লেখ্য যে এই ঘটনাৰে জড়িত থকাৰ অপৰাধত ইতিমধ্যেই 47জন অভিযুক্তক প্ৰেৰণ কৰা হৈছে কাৰাগাৰলৈ ৷ আনহাতে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া বৰ্তমানেও চলি আছে ৷ কিন্তু কেতিয়া সেই বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব সেয়া বৰ্তমানেও অনিশ্চয়তাত ৷

Share to your Social Account