নৃশংস ! প্ৰেমিকে হত্যা কৰিলে নাবালিকা প্ৰেমিকাৰ মাতৃক

জীয়াৰীৰ বাৰ্তা লাভ কৰি পিতৃও সেই স্থানত উপস্থিত হয় ৷ ইফালে পুনৰ কন্যাৰ নম্বৰৰ পৰা পিতৃৰ ম’বাইলত এটা বাৰ্তা আহিল, ‘গুৰুৰ পুখুৰীৰ ওচৰলৈ আহক । মই ইয়াত থিয় হৈ আছোঁ । মোক ঘৰলৈ থৈ আহক ।’’

Share to your Social Account

নেশ্যনেল ডেস্ক, 9 জুনঃ উত্তৰ প্ৰদেশৰ চিকান্দ্ৰা আৰক্ষী থানা অঞ্চলৰ শাস্ত্ৰিপুৰমৰ ভাৱনা এৰোমাত এগৰাকী জোতা ব্যৱসায়ীৰ ৪০ বছৰীয়া পত্নীক ছুৰীকাঘাত কৰি হত্যা কৰা হয় । মহিলাগৰীৰ মৃতদেহ বৃহস্পতিবাৰে সন্ধিয়া যমুনা নদীৰ পাৰত থকা বনখণ্ডী মহাদেৱ মন্দিৰৰ ওচৰৰ অৰণ্যত উদ্ধাৰ হয় । মহিলাগৰাকী বুধবাৰে আবেলিৰ পৰা সন্ধানহীন হৈ আছিল ৷

আৰক্ষীয়ে কয় যে মহিলাগৰাকীয়ে তেওঁৰ নাবালিকা কন্যাক প্ৰেমিকাৰ সৈতে সাক্ষাৎ কৰাত বাধা প্ৰদান কৰাৰ বাবে প্ৰেমিকে হত্যা কৰে ৷ মহিলাগৰাকীৰ কন্যাও সম্প্ৰতি সন্দেহৰ আৱৰ্তত সোমাই পৰিছে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি, বুধবাৰে নিশা জোতা ব্যৱসায়ী উদিত বাজাজে তেওঁৰ পত্নী অঞ্জলি বাজাজ (40)ৰ নিৰুদ্দেশ হোৱাৰ বিষয়ে এটা অভিযোগ দিছিল । তেওঁ কৈছিল যে তেওঁৰ পত্নী আবেলি ৩ বজাৰ পৰা কাক্ৰাইথাৰ বনখণ্ডী মহাদেৱ মন্দিৰৰ পৰা সন্ধানহীন হৈ আছে ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰে আৰু বৃহস্পতিবাৰে সন্ধিয়া বনখান্দি মহাদেৱ মন্দিৰৰ ওচৰত অঞ্জলীৰ মৃতদেহ উদ্ধাৰ কৰা হয় । তেওঁৰ ডিঙি আৰু পেটত চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ চিন স্পষ্ট আছিল ৷ অনুসন্ধানত প্ৰকাশ পাইছে যে মহিলাগৰাকীক (অঞ্জলী) এটা হোৱাটছএপ বাৰ্তা প্ৰেৰণ কৰি তেওঁৰ কন্যাই বনখান্দি মহাদেৱ মন্দিৰলৈ মাতিছিল ৷

জীয়াৰীৰ বাৰ্তা লাভ কৰি পিতৃও সেই স্থানত উপস্থিত হয় ৷ ইফালে পুনৰ কন্যাৰ নম্বৰৰ পৰা পিতৃৰ ম’বাইলত এটা বাৰ্তা আহিল, ‘গুৰুৰ পুখুৰীৰ ওচৰলৈ আহক । মই ইয়াত থিয় হৈ আছোঁ । মোক ঘৰলৈ থৈ আহক ।’’ কন্যাৰ বাৰ্তা লাভ কৰি পত্নীক সেই স্থানতে এৰি পিতৃ কন্যাৰ কাষলৈ যায় ৷ কন্যাক ঘৰত থৈ আহি পুনৰ তেওঁ মন্দিৰলৈ উভতি আহে ৷ কিন্তু প্ৰত্যক্ষ কৰে যে পত্নী সেই স্থানত নাছিল ৷

আৰক্ষী আয়ুক্ত ড৹ প্ৰীতিন্দৰ সিঙে কয় যে অঞ্জলীৰ ম’বাইল ফোনটো বিচাৰি পোৱা নাই । অঞ্জলী আৰু তেওঁৰ কন্যাৰ মাজত বিভেদ আছিল ৷ পিতৃ-মাতৃয়ে বিচৰা নাছিল যে ছোৱালীজনীয়ে তাইৰ প্ৰেমিক প্ৰখৰ গুপ্তাক লগ কৰক আৰু ম’বাইলত কথা পাতক । প্ৰখৰ তেওঁলোকৰ কন্যাতকৈ ডাঙৰ আৰু দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে । আৰু ইয়াক কেন্দ্ৰ কৰিয়েই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷

Share to your Social Account