ইন্দিৰা গান্ধীক হত্যাৰ প্ৰতিকৃতি প্ৰদৰ্শন অপৰাধ নহয়- কানাডা

এক শোভাযাত্ৰাৰ সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাৰ ছবি থকা এখন প্ৰতিকৃতি প্ৰদৰ্শন কৰা হৈছিল ।

Share to your Social Account

ইণ্টাৰনেশ্যনেল ডেস্ক, ১১ জুন: কানাডাৰ ব্ৰেম্পটন চহৰত এক শোভাযাত্ৰাৰ সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাৰ ছবি থকা এখন প্ৰতিকৃতি প্ৰদৰ্শন কৰা হৈছিল । য’ত‌ দুজন শিখ লোকে ইন্দিৰা গান্ধীক গুলীয়াই থকা দেখা গৈছিল।

ইয়াকে লৈ ভাৰত চৰকাৰে কানাডাত “হিংসাৰ পোষকতা” কৰা লোকসকলক স্থান দিয়াৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰাৰ কেইদিনমান পিছত, ব্ৰেম্পটন চহৰত এক শোভাযাত্ৰাৰ সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাৰ ছবি দেখুওৱা প্ৰতিকৃতি প্ৰদৰ্শনত কানাডাৰ আইন প্ৰৱৰ্তনকাৰীয়ে যিকোনো “ঘৃণামূলক অপৰাধ”ৰ কথা অস্বীকাৰ কৰি এয়া কোনো অপৰাধ নহয় বুলি মন্তব্য কৰিছে।‌

অপাৰেচন ব্লুষ্টাৰৰ ৩৯ তম বাৰ্ষিকী উপলক্ষে ৪ জুনত এক পেৰেডৰ সময়ত বিতৰ্কিত প্ৰতিকৃতি প্ৰদৰ্শন কৰা হৈছিল । এই অনুষ্ঠানটোৱে ভাৰতত ক্ষোভৰ সৃষ্টি কৰে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে দুয়োখন দেশৰ মাজত ভাল সম্পৰ্কৰ বাবে এয়া ভাল নহয় । ভাৰতস্থিত কানাডাৰ উচ্চায়ুক্ত কেমেৰুন মেকেয়ে কয় যে কানাডাত সিংহা কোনো স্থান নাই ।

বিষয়টো লক্ষ্য কৰি ব্ৰেম্পটনৰ মেয়ৰ পেট্ৰিক ব্ৰাউনে এক বিবৃতি জাৰি কৰি কয়: “আৰক্ষীয়ে ভিডিঅ’টো নিৰীক্ষণ কৰিছে আৰু তেওঁলোকে সিদ্ধান্তত উপনীত হৈছে যে এই কাৰ্য ঘৃণামূলক অপৰাধ নহয়।

Share to your Social Account