ইণ্টাৰনেশ্যনেল ডেস্ক, ১১ জুনঃ পাকিস্তানস্থিত জিঅ’ নিউজৰ বাতৰি অনুসৰি শনিবাৰে পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা আৰু পঞ্জাৱৰ কেইবাটাও ঠাইত ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতৰ ফলত প্ৰায় ২৮ জন লোক নিহত আৰু ১৪০ জনৰো অধিক লোক আহত হয়।
প্ৰাদেশিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মতে, কেপিৰ বান্নু, ডেৰা ইছমাইল খান, কাৰাক আৰু লাক্কি মাৰৱাটত বৰষুণ সম্পৰ্কীয় ঘটনাত ২৫ জন লোক নিহত হোৱাৰ লগতে ১৪৫ জন আহত হয়। লগতে কয় যে বৰষুণৰ ফলত কমেও ৬৯ টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে ।
PDMA-ৰ তথ্য অনুসৰি, বান্নুত 15 জন লোকৰ মৃত্যু হয় আৰু 100 জন আহত হৈয় । অঞ্চলটোত ৬৮ টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে । ইফালে, লাক্কি মাৰৱাট জিলাত কমেও পাঁচজন লোক নিহত হোৱাৰ উপৰিও ৪২ জন লোক আহত হৈছে ।
ইফালে, কাৰাকত চাৰিজন লোকৰ মৃত্যু হয় আৰু এজন লোক আহত হয়। ইফালে, তীব্ৰ বতাহৰ সৈতে ধাৰাসাৰ বৰষুণে চাৰগোধা, গুজৰানৱালা, ফৈজালাবাদ আৰু অন্যান্য জিলাকে ধৰি পঞ্জাৱৰ কেইবাটাও অঞ্চলক চুই যয় ।