নিউজ ডেস্ক, ১১ জুনঃ দেওবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ জিলা আয়ুক্তসকলৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । বৈঠকত আয়ুক্তসকলক কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ । গণেশগুৰি সংঘটিত পথ দুৰ্ঘটনাত প্ৰিয়া কুমাৰী নামৰ এগৰাকী ছাত্ৰীৰ মৃত্যুৰ প্ৰসংগ উল্লেখ কৰি গুৱাহাটী নিৰ্মাণৰ কাম কৰাৰ ক্ষেত্ৰত নিৰ্দেশনা দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই ।
এতিয়াৰে পৰা বেৰিকেড অবিহনে কোনো নিৰ্মাণ কাৰ্য চলাব নোৱাৰিব । পথৰ দাঁতিত থকা গাঁতসমূহো বেৰিকেড দি ঢাকি ৰাখিব লাগিব । পথ নিৰ্মাণ বা অন্যান্য কামৰ সময়ত নিৰ্মাণ সাগ্ৰী যতে-ততে পেলাব নোৱাৰিব ঠিকাদাৰে । অন্যথা আৰক্ষী অধীক্ষকে ল’ব কঠোৰ ব্যৱস্থা। সমগ্ৰ অসমত কোনো কামতেই গাফিলতি হ’ব নোৱাৰিব বুলি সকীয়নি হিমন্ত বিশ্ব শৰ্মাৰ। অন্যথা বিভাগীয় বিষয়াসকলক জগৰীয়া কৰা হ’ব ।