মণিপুৰত ইণ্টাৰনেট কৰ্তনৰ ম্যাদ পুনৰ বৃদ্ধি

ইণ্টাৰনেটৰ ওপৰত নিষেধাজ্ঞা ১৫ জুনৰ আবেলি ৩ বজালৈ বৃদ্ধি কৰা হৈছে।ইফালে, মণিপুৰৰ তথ্য আৰু জনসম্পৰ্ক মন্ত্ৰী ড০ সপম ৰঞ্জনে শনিবাৰে কয় যে যোৱা ২৪ ঘণ্টাত ৰাজ্যখনৰ কোনো প্ৰান্তৰ পৰা কোনো অপ্ৰীতিকৰ ঘটনাৰ খবৰ পোৱা হোৱা নাই ।

Share to your Social Account

নিউজ ডেস্ক, ১১ জুনঃ মণিপুৰ চৰকাৰে সমস্যাগ্ৰস্ত ৰাজ্যখনত ইণ্টাৰনেট সেৱাৰ ওপৰত নিষেধাজ্ঞা ১৫ জুনলৈ বৃদ্ধি কৰিছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে মিছা বাতৰি, উৰাবাতৰি আৰু ভুল তথ্য প্ৰচাৰ নিয়ন্ত্ৰণ কৰিবলৈ ইণ্টাৰনেট নিষেধাজ্ঞা আৰু পাঁচ দিনৰ বাবে বৃদ্ধি কৰা হৈছে, এক চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে। কাৰণ ইণ্টাৰনেট খোলাৰ ফলত আইন-শৃংখলাৰ পৰিস্থিতি বিঘ্নিত হোৱাৰ ভাবুকি আছে।

বিবৃতি অনুসৰি, ইণ্টাৰনেটৰ ওপৰত নিষেধাজ্ঞা ১৫ জুনৰ আবেলি ৩ বজালৈ বৃদ্ধি কৰা হৈছে।ইফালে, মণিপুৰৰ তথ্য আৰু জনসম্পৰ্ক মন্ত্ৰী ড০ সপম ৰঞ্জনে শনিবাৰে কয় যে যোৱা ২৪ ঘণ্টাত ৰাজ্যখনৰ কোনো প্ৰান্তৰ পৰা কোনো অপ্ৰীতিকৰ ঘটনাৰ খবৰ পোৱা হোৱা নাই, যি ৰাজ্যখনত স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ ইঙ্গিত দিয়ে। সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান মণিপুৰজুৰি ৩৪৯ টা সাহায্য শিবিৰ কাৰ্যকৰী হৈ আছে।

মন্ত্ৰীজনে লগতে কয় যে কাঢ়ি নিয়া মুঠ ৪,৫৩৭ টা অস্ত্ৰৰ ভিতৰত ৰাজ্য চৰকাৰে ৯৯০ টা অস্ত্ৰ উদ্ধাৰ কৰিছে।মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যখনে শান্তি আৰু সম্প্ৰীতি পুনৰুদ্ধাৰৰ বাবে সকলো উপযুক্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে । শনিবাৰে, ৰাজ্যখনত হিংসা আৰু জাতিগত সংঘৰ্ষৰ পিছত নিৰাপত্তা বাহিনীয়ে পাহাৰীয়া আৰু উপত্যকা দুয়োটা অঞ্চলত চতুৰ্থ দিনৰ বাবে এক যুটীয়া তালাচী অভিযান চলায় আৰু 22 টা অস্ত্ৰ উদ্ধাৰ কৰে। ইফালে, কেন্দ্ৰীয় চৰকাৰে মণিপুৰত ৰাজ্যপালৰ নেতৃত্বত এখন শান্তি সমিতি গঠন কৰে।

Share to your Social Account