Home / Sport / WTC ত একেৰাহে দ্বিতীয়বাৰৰ বাবে পৰাস্ত ভাৰত; IPLক দোষ দিলে অধিনায়ক ৰোহিতে

WTC ত একেৰাহে দ্বিতীয়বাৰৰ বাবে পৰাস্ত ভাৰত; IPLক দোষ দিলে অধিনায়ক ৰোহিতে

স্পৰ্টছ ডেস্ক, ১১ জুনঃ আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউটিচি) ২০২৩ ৰ অন্তিমখন খেলত ভাৰতীয় দলটোৱে শোচনীয় পৰাজয়ৰ সন্মুখীন হয়। ইয়াৰ লগে লগে একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ জয়ৰ সপোন ভংগ হয়। লণ্ডনৰ ওভাল খেলপথাৰত অনুষ্ঠিত এই মেচখনত অষ্ট্ৰেলিয়াৰ দলটোৱে ২০৯ ৰাণত জয়লাভ কৰে। এই পৰাজয়ৰ পিছত, ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাৰ বেদনা বৃদ্ধি পাইছে।

খেলখনৰ পিছত, তেওঁ এই পৰাজয়ৰ বাবে দুৰ্বল বলিং আৰু বেটছমেনসকলৰ দুৰ্বল শ্বট বাছনিৰ বাবে দায়ী কৰে। ভাৰতীয় দলটোৱে দুমাহ ধৰি চলি থকা আই পি এলৰ মাত্ৰ এসপ্তাহ পিছত এই চূড়ান্ত খেলখন খেলিছিল। ৰোহিতেও হতাশা ব্যক্ত কৰি আৰু কয় যে প্ৰস্তুতি চলাবলৈ কমেও ২০-২৫ দিন থাকিব লাগে ।

অষ্ট্ৰেলিয়ান দল – প্ৰথম ইনিংছ: 469, দ্বিতীয় ইনিংছ: 270/8

ভাৰতীয় দল – প্ৰথম ইনিংছ: 296, দ্বিতীয় ইনিংছ: 234

Share to your Social Account
Tagged: