Home / National / চৰণেহে জানে মৰণৰ ঠাই; লাইটৰ খুঁটা পৰি ২৪ বছৰীয়া মডেলৰ মৃত্যু

চৰণেহে জানে মৰণৰ ঠাই; লাইটৰ খুঁটা পৰি ২৪ বছৰীয়া মডেলৰ মৃত্যু

নেশ্যনেল ডেস্ক, ১১ জুনঃ নয়ডাৰ চেক্টৰ ২০ আৰক্ষী থানা অঞ্চলৰ চেক্টৰ ১৬এত অৱস্থিত ফিল্ম চিটিত অনুষ্ঠিত এটা ফেশ্বন শ্ব’ৰ সময়ত সংঘটিত হয় এক অঘটন। এগৰাকী মডেলৰ লগতে আন এগৰাকী লোকৰ ওপৰত পৰি যায় লাইনৰ খুঁটা ।‌ ইয়াৰ পাছতেই দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ২৪ বছৰীয়া মডেলগৰাকীৰ মৃত্যু হয় । বৰ্তমান চিকিৎসাধীন হৈ আছে আনগৰাকী ব্যক্তি। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ।‌

তথ্য অনুসৰি ফিল্ম চিটিৰ এটা ষ্টুডিঅ’ত এটা ফেশ্বন শ্ব’ৰ আয়োজন কৰা হৈছিল। এই সময়ছোৱাত, লাইটিং প’ষ্ট খহি পৰাৰ ফলত আঘাতৰ প্ৰাপ্ত হৈ বংশিকা চোপ্ৰাৰ নামৰ মডেলগৰাকীৰ মৃত্যু হয়। ববি ৰাজ আন এজন ঘটনাত আঘাতপ্ৰাপ্ত হৈছে। আঘাতপ্ৰাপ্ত ববি নয়ডাৰ কৈলাশ হস্পিটেল চেক্টৰ-২৭ত চিকিৎসাধীন হৈ আছে।

Share to your Social Account
Tagged: