
নিউজ ডেস্ক, ১২ জুনঃ তিনিচুকীয়াত সংঘটিত ভয়ংকৰ ঘটনা । বহিৰাগত বনিয়াৰ হাতত আক্ৰমণৰ বলি খিলঞ্জীয়া যুৱক । অনলাইন সামগ্ৰী দিবলৈ যোৱাৰ সময়ত সৰু কথাতে উদণ্ড বহিৰাগত বনিয়াই কাঠেৰে মূৰত প্ৰহাৰ কৰি ৰক্তাক্ত কৰে খিলঞ্জীয়া যুৱকজনক ।
ঘটনা অনুসৰি দেওবাৰে সন্ধিয়া ৬ মান বজাত তিনিচুকীয়াৰ গেলাপুখুৰী ৰʼডৰ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত সমীপৰ এলাইট টাৱাৰ নামৰ ফ্লেটৰ তৃতীয় ফ্ল’ৰৰ ৰ ৩০৪ ৰ নিবাসী বিতৰ্কিত বহিৰাগত বনিয়া গৌৰৱ ধানুকা নামৰ ব্যক্তিজনে সৰু কথাতে Amazon ৰ ডেলিভাৰি দিবলৈ যোৱা খিলঞ্জীয়া যুৱক অংকিত দত্তক অশ্লীল ভাষাৰে গালি পাৰি পিছফালৰ পৰা কাঠৰ টুকুৰাৰে মূৰত আক্ৰমণ কৰি ৰক্তাক্ত কৰে ফলত খিলঞ্জীয়া যুৱকজন প্ৰায় অচেতন হৈ পৰে ।
উক্ত ঘটনাটো খবৰ পোৱা লগে লগে ডেলিভাৰি দিবলৈ যোৱা যুৱকজনৰ সতীৰ্থসকলে তেওঁক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে । ঘটনা খবৰ বিয়পি পৰাত পৰিস্থিতি বিষম দেখি গোপনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে বিতৰ্কিত বহিৰাগত বনিয়া গৌৱৰ ধানুকা ।
ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী যুৱকজনে সদৰ থানাত এজাহাৰ দাখিল কৰিবলৈ তিনিচুকীয়া আৰক্ষী থানাত উপস্থিত হৈছিল যদিও সংবাদ সংগ্ৰহ কৰা পৰ্যন্ত আৰক্ষীয়ে গ্ৰহণ কৰা নাই ভুক্তভোগীৰ এজাহাৰ । উল্লেখ্য যে তিনিচুকীয়াত একাংশ বহিৰাগত বনিয়াৰ উৎপাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷