গো-হত্যা কৰি হৰিণাৰ মাংস বুলি বিক্ৰী চাৰি লম্পটৰ; কোকৰাঝাৰত চাঞ্চল্য

পূৰ্বেও ধৃত লম্পটকেইটাই গো হত্যা কৰি হৰিণাৰ মাংস বুলি বিক্ৰী কৰি অহা বুলি জানিব পৰা গৈছে । ইতিমধ্যে চাৰিওকে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Share to your Social Account

নিউজ ডেস্ক, ১২ জুন : কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ সৰলপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । গৰু হত্যা কৰি মাংস হৰিণাৰ মাংস বুলি বিক্ৰী চাৰি যুৱকৰ । ধৃত লম্পটকেইটা খালুমান তামাং , খেমৰাজ ছেত্রী , ভীম তামাং আৰু সনম ছেত্রী বুলি জানিব পৰা গৈছে ।

ঘটনা পোহৰলৈ অহাৰ পাছতেই চাৰি লম্পটক উত্তম-মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে ৰাইজে। প্ৰাপ্ত তথ্য অনুসৰি চাৰি লম্পটে পথাৰত চৰি থকা এটা গৰু হস্তনিৰ্মিত বন্দুকেৰে গুলীয়াই হত্যা কৰে পৰৱৰ্তী পৰ্যায়ত সেয়া হৰিণাৰ মাংস বুলি বিক্ৰী কৰে ।

পূৰ্বেও ধৃত লম্পটকেইটাই গো হত্যা কৰি হৰিণাৰ মাংস বুলি বিক্ৰী কৰি অহা বুলি জানিব পৰা গৈছে । ইতিমধ্যে চাৰিওকে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। আনহাতে এটা হস্তনিৰ্মিত বন্দুকো উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

Share to your Social Account