Home / National / ভয়ংকৰ! অনলাইনত লিক হ’ল ক’ভিড টিকা লোৱা ৰাজনীতিক-সাংবাদিকৰ লগতে সকলো ভাৰতীয়ৰ তথ্য

ভয়ংকৰ! অনলাইনত লিক হ’ল ক’ভিড টিকা লোৱা ৰাজনীতিক-সাংবাদিকৰ লগতে সকলো ভাৰতীয়ৰ তথ্য

নেশ্যনেল ডেস্ক, ১২ জুনঃ এক উদ্বেগজনক ঘটনা । শীৰ্ষ ৰাজনীতিবিদ আৰু সাংবাদিকসহ “সকলো ভাৰতীয়”ৰ ব্যক্তিগত বিৱৰণ লিক হৈছে অনলাইনত । এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সাকেত গোখলেয়ে ।

এক শৃংখলাবদ্ধ টুইটত গোখলে দাবী কৰে যে “মোদী চৰকাৰৰ এক বৃহৎ তথ্য ভাণ্ডাৰ লিক হৈ পৰিছে । এই তথ্য ভাণ্ডাৰত আছিল ক’ভিড টিকা লোৱা ভাৰতীয়ৰ ব্যক্তিগত বিৱৰণ, মোবাইল নম্বৰ, আধাৰ নম্বৰ, পাছপোৰ্ট নম্বৰ, ভোটাৰ পৰিচয় পত্ৰ, পৰিয়ালৰ সদস্যসকলৰ বিৱৰণ ইত্যাদি। এইসমূহ এতিয়া মুক্তভাৱে উপলব্ধ ।”

সাধাৰণ লোকসকলক তথ্য ফাদিল হোৱাৰ লগতে টিএমচিৰ মুখপাত্ৰজনে দাবী কৰে যে কেইবাজনো ভিআইপিৰো ব্যক্তিগত তথ্য অনলাইনত লিক হৈছে। ইয়াৰ ভিতৰত আছে ৰাজ্যসভাৰ সাংসদ তথা টিএমচি নেতা ডেৰেক অ’ব্ৰাইন, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰম, কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ আৰু কে চি বেণুগোপাল, ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশ নাৰায়ণ সিং, ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ, অভিষেক মনু সিংভি আৰু সঞ্জয় ৰাউত।

ইয়াৰ উপৰিও গোখলে দাবী কৰি কয় যে ইণ্ডিয়া টুডেৰ ৰাজদীপ চৰদেশাই, মোজো ষ্ট’ৰীৰ বৰখা দত্ত, দ্য নিউজমিনিটৰ ধন্য ৰাজেন্দ্ৰন, টাইমছ নাওৰ ৰাহুল শিৱশংকৰৰ তথ্যও প্ৰকাশ পাইছে ।

“কোভিড-১৯ টিকাকৰণ লাভ কৰা আক্ষৰিক ভাৱে প্ৰতিজন ভাৰতীয়ৰ ব্যক্তিগত বিৱৰণ এই লিক হোৱা ডাটাবেছত মুক্তভাৱে উপলব্ধ ।,” টিএমচিৰ মুখপাত্ৰগৰাকীয়ে লগত কয়।

গোখলে প্ৰশ্ন কৰে যে পাছপোৰ্ট নম্বৰ, আধাৰ নং আদিকে ধৰি ব্যক্তিগত বিৱৰণ কেনেদৰে লিক হৈছে । “মোদী চৰকাৰে দাবী কৰে যে চৰকাৰে “শক্তিশালী তথ্য সুৰক্ষা” অনুসৰণ কৰে, তেন্তে এয়া কিদৰে সম্ভৱ। গৃহ মন্ত্ৰালয়কে ধৰি মোদী চৰকাৰে কিয় এই লিক সম্পৰ্কে অৱগত নহয় নেকি আৰু ভাৰতীয়সকলক তথ্য উলংঘনৰ বিষয়ে কিয় অৱগত কৰা হোৱা নাই বুলিও তেওঁ প্ৰশ্ন কৰে ?, তেওঁ প্ৰশ্ন কৰে। “মোডী চৰকাৰে আধাৰ আৰু পাছপোৰ্ট নম্বৰৰ সৈতে জড়িত ভাৰতীয়সকলৰ সংবেদনশীল ব্যক্তিগত তথ্যৰ প্ৰৱেশাধিকাৰ কাক দিছে,” তেওঁ লগতে প্ৰশ্ন কৰে।

Share to your Social Account
Tagged: