মণিপুৰত হিংসাত্মক পৰিস্থিতিত গৃহহীন ৫০ হাজাৰ লোক

নিউজ ডেস্ক, ১২ জুনঃ মণিপুৰৰ জনগোষ্ঠীয় হিংসাৰ বাবে ৫০,৬৫০ জন লোক স্থানচ্যুত হৈছে। ৰাজ্যৰ ৩৫০টা শিবিৰত আশ্ৰয় দিয়া হৈছে। মণিপুৰৰ তথ্য, জনসংযোগ আৰু স্বাস্থ্য মন্ত্ৰী সপম ৰঞ্জন সিঙে দেওবাৰে সাংবাদিকৰ আগত এইদৰে কয়।

মণিপুৰৰ ১০খন জিলাত এই আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। জিলা পৰ্যায়ৰ জ্যেষ্ঠ বিষয়াসকলক শিবিৰ চোৱাচিতাৰ দায়িত্ব দিয়া হৈছে।

যোৱা ৩ মে’ৰ পৰা মণিপুৰত আৰম্ভ হৈছিল জাতিগত সংঘাত। এশৰো অধিক লোক নিহত হোৱাৰ লগতে ৩০০ৰো অধিক লোক আহত হয়। এমাহৰ পাছত ৰাজ্যৰ মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে পোনপটীয়াকৈ কথা পাতিলে হিংসাত্মক ঘটনাৰ বিষয়ে।

সাপম সিঙে সাংবাদিকৰ আগত কয় যে এই পৰ্যন্ত ৩ হাজাৰ ৫২৬ টা গোলাবাৰুদ চৰকাৰক গতাই দিয়া হৈছে। উগ্ৰপন্থী আৰু দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সেনা আৰু অন্যান্য কেন্দ্ৰীয় আৰু ৰাজ্যিক বাহিনীয়ে সকলো জিলাতে বিশেষকৈ দুৰ্বল অঞ্চলত কম্বিং অভিযান চলাইছে।

মণিপুৰত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি যোৱা ৩ মে’ৰ পৰা আৰম্ভ হোৱা হিংসাত্মক ঘটনাৰ পিছতে দুষ্কৃতিকাৰীয়ে ৪ হাজাৰৰো অধিক অস্ত্ৰ লুণ্ঠন কৰে। ইয়াৰ ভিতৰত স্বয়ংক্ৰিয় আগ্নেয়াস্ত্ৰ আৰু বৃহৎ পৰিমাণৰ গুলীও আছে। বিভিন্ন থানা আৰু নিৰাপত্তা শিবিৰৰ পৰা এই অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ লুটপাত কৰা হয়।

মণিপুৰৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহ এই হিংসাত্মক পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। এই সন্দৰ্ভত সাপম ৰঞ্জন সিঙে সাংবাদিকৰ আগত কয় যে চৰকাৰে শীঘ্ৰে ছাত্ৰ-ছাত্ৰীৰ শিক্ষা আৰম্ভ কৰাৰ ব্যৱস্থা কৰিব। কেইদিনমানৰ পিছতে ঘোষণা কৰিব চৰকাৰৰ পৰিকল্পনা।

ৰঞ্জন সিঙেও বেংকিং খণ্ডৰ বিষয়েও কয়। হিংসাত্মক পৰিস্থিতিৰ বাবে বিভিন্ন বেংকৰ ২৪২টা শাখা বন্ধ হৈ থকা বুলিও তেওঁ জানিবলৈ দিয়ে। ইয়াৰে ১৯৮ টা এতিয়ালৈকে মুকলি কৰা হৈছে। বাকীবোৰ অতি সোনকালে মুকলি কৰা হ’ব।

ইফালে মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ ফলত দৈনন্দিন প্রয়োজনীয় সা-সামগ্রীৰ দাম বাঢ়িছে৷ ইয়াৰ বাবে মূল্য নিয়ন্ত্ৰণ ব্যৱস্থা ৰূপায়ণ কৰা হৈছে বুলি ৰঞ্জন সিঙে কয়।

মণিপুৰৰ এটা মূল পথ কুকি জনগোষ্ঠীৰ ৰাইজে অৱৰোধ কৰি ৰাখিছে। অসমৰ পৰা আৰম্ভ হোৱা এই পথটো নাগালেণ্ডৰ মাজেৰে মিজোৰামলৈ যায়। এই মূল পথটো বন্ধ হোৱাৰ লগে লগে মণিপুৰ মূল ভাৰতৰ পৰা বহুলাংশে বিচ্ছিন্ন। ফলত সামগ্ৰীৰ দাম বাঢ়িছে। এনে পৰিস্থিতিত ইম্ফল-জিৰিবুম ৰাষ্ট্ৰীয় ঘাইপথৰ জৰিয়তে নামনি অসমৰ পৰা মণিপুৰলৈ অত্যাৱশ্যকীয় সামগ্ৰী অনা হৈছে।

ৰঞ্জন সিঙে কয় যে অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণৰ বাবে অহা ১০ দিনৰ ভিতৰত ৰাজ্যৰ বিভিন্ন জিলাৰ ৰে’ল ষ্টেচন সক্ৰিয় কৰা হ’ব। ইতিমধ্যে মৰেহ-ইম্ফল, ইম্ফল-চুৰাচান্দপুৰ আৰু ইম্ফল-কাংপোকপিৰ পৰা হেলিকপ্টাৰ সেৱা আৰম্ভ হৈছে।

Share to your Social Account