ফিলিপাইনছত আগ্নেয়গিৰি বিস্ফোৰণ, ১৩ হাজাৰ লোকক উদ্ধাৰ

Volcano eruption in the Philippines, 13 thousand people rescued

ইণ্টাৰনেশ্যনেল সেৱা, ১২জুনঃ ফিলিপাইনছৰ উত্তৰ-পূব অঞ্চলৰ বিখ্যাত মেয়ন আগ্নেয়গিৰিৰ বিস্ফোৰণৰ ফলত ১৩ হাজাৰ লোকক স্থানান্তৰিত কৰা হৈছে। নিউজ বিবিচি।

ৰিস্ক এলেকাৰ পৰা লৰী আৰু ম’হৰ গাড়ীৰে আশ্ৰয় শিবিৰলৈ লৈ যোৱা হয়। যোৱা সপ্তাহত মেয়ন আগ্নেয়গিৰিৰ পৰা লাভা বিস্ফোৰণ হ’বলৈ আৰম্ভ কৰিছিল।

কিন্তু সপ্তাহটোৰ শেষৰ ফালে আগ্নেয়গিৰিটো সম্পূৰ্ণৰূপে সক্ৰিয় হোৱাৰ পিছত উদ্ধাৰ অভিযান আৰম্ভ হয়। যদিহে এই বিস্ফোৰণ অব্যাহত থাকে তেন্তে আৰু বহু লোকক নিৰাপদ আশ্ৰয় শিবিৰলৈ স্থানান্তৰিত কৰিব লাগিব বুলি দেশৰ আগ্নেয়গিৰি বিশেষজ্ঞ দলৰ মুৰব্বী টেৰেচিটো বাকলকোলে জনায়।
১৮১৪ চনত ফিলিপাইনছৰ এখন সম্পূৰ্ণ চহৰ ভয়ংকৰ বিস্ফোৰণৰ ফলত কবৰস্থানলৈ ৰূপান্তৰিত হয়। ইয়াত ১২০০ লোকৰ মৃত্যু হয়।

উৎস: বিবিচি

Share to your Social Account