বাৰ্চিলোনাৰ ওপৰত বিচলিত মেছিয়ে, সোনকালে সিদ্ধান্ত বিচাৰে

ইয়াৰ পূৰ্বে মিডিয়া গ’ল ডট কমৰ বাতৰি অনুসৰি লিয়নেল মেছিয়ে ছৌদি আৰৱৰ ক্লাব আল হিলালক এবছৰ অপেক্ষা কৰিবলৈ কয়। আৰ্জেণ্টিনাৰ বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীয়ে আল হিলালৰ আকাশলংঘী প্ৰস্তাৱৰ বাবে অপেক্ষা কৰিব বিচাৰিছে কিয়নো তেওঁৰ বাৰ্চিলোনালৈ ঘূৰি অহাৰ ইচ্ছা প্ৰবল। কিন্তু বাৰ্চিলোনাই কি কৰি আছে! কাটাল’নিয়ান ক্লাবটোৱে এতিয়াও মেছিৰ বাবে কোনো আনুষ্ঠানিক অফাৰ দিয়া নাই। মাত্ৰ কালি তেওঁলোকে মেছিৰ সন্দৰ্ভত লা লিগাৰ দৰমহাৰ সীমাৰ নীতিৰ অনুমোদন পাইছিল। কিন্তু দলটোৱে এতিয়ালৈকে নথি-পত্ৰ দাখিল কৰিব পৰা নাই। ইফালে, মেছিৰ এজেণ্ট আৰু তেওঁৰ পিতৃ জৰ্জ মেছিয়ে কয় যে বাৰ্চিলোনাৰ সভাপতি জুয়ান লাপ’ৰ্টাৰ সৈতে হোৱা বৈঠকৰ পিছত মেছিয়ে বাৰ্চিলোনাক লৈ অলপ বিচলিত হৈছে। বাৰ্চাৰ পৰা ক্ষীপ্ৰ সিদ্ধান্ত বিচাৰে মেছিয়ে।

কালি মেছিৰ পিতৃয়ে লাপৰ্টাৰ সৈতে আধা ঘণ্টীয়া বৈঠকত মিলিত হৈছিল। বাৰ্চিলোনাৰ সভাপতিৰ ঘৰত অনুষ্ঠিত হয় এই বৈঠক। অৱশ্যে বৈঠকত কি আলোচনা হৈছিল সেই সন্দৰ্ভত জৰ্জ মেছিয়ে বিতংভাৱে একো নক’লে। বাৰ্চিলোনালৈ মেছিৰ উভতি অহাৰ সন্দৰ্ভত জৰ্জে কয় যে গোটেই কথাটো যথেষ্ট জটিল, ই বহু বিষয়ৰ ওপৰত নিৰ্ভৰশীল।

স্পেইনৰ সংবাদ মাধ্যম “মুণ্ডো ডিপ’ৰ্টিভ'”-এ প্ৰকাশ কৰা অনুসৰি কালি লা লিগা কৰ্তৃপক্ষই মেছিৰ সন্দৰ্ভত বাৰ্চিলোনাক অনুমোদন জনাইছে। কিন্তু বাৰ্চিলোনাই এতিয়াও কোনো অফাৰ উলিয়াব পৰা নাই। মেছিৰ বাবে অফাৰ দিয়াৰ আগতে বাৰ্চিলোনাই কেইটামান কথা সমাধান কৰিব লাগিব। কেইবাজনো খেলুৱৈক এৰি দি বাজেট দিব লাগিব। এই মুহূৰ্তত বাৰ্চিলোনাৰ আৰ্থিক অৱস্থাৰ বাবে মেছিৰ ওচৰত কোনো ধৰণৰ অফাৰ দিয়াটো অতি কঠিন হৈ পৰিছে। আৰ্জেণ্টিনাৰ তাৰকাগৰাকীক বাৰ্চাই ধন দিব পাৰিবনে নাই সেয়া সন্দেহজনক। কেম্প নৌৰ পৰিকল্পনা হ’ল যে মেছিক যিমানেই ধন দিয়া নহওক কিয়, বাৰ্চাই মেছিক ৰবাৰ্ট লেৱাণ্ডোস্কিৰ দৰমহাতকৈ কমেও এক ইউৰো বেছি দিব বিচাৰে। কিন্তু তাৰ বাবেও লা লিগাৰ অনুমোদনৰ প্ৰয়োজন হ’ব। এনে পৰিস্থিতিত আৰ্জেণ্টিনাৰ তাৰকাগৰাকীয়ে বাৰ্চিলোনাৰ পৰা ক্ষিপ্ৰ সিদ্ধান্ত বিচাৰে।

মেছিৰ হাতত এতিয়া বাৰ্চিলোনাৰ বাহিৰে আন দুটা বিকল্প আছে। এজন হৈছে ছৌদি আৰৱৰ আল হিলাল, আনজন হৈছে আমেৰিকান মেজৰ লীগৰ ক্লাব ইন্টাৰ মিয়ামি। ডেভিড বেকহামৰ মালিকানাধীন মিয়ামীয়ে ইতিমধ্যে মেছিক প্ৰতি ৫৪ বছৰৰ বাবে ৫৪ মিলিয়ন ডলাৰৰ প্ৰস্তাৱ দিছে বুলি ফৰ্বছে প্ৰকাশ কৰিছে। মেছিৰ সৈতে চাৰি বছৰৰ বাবে চুক্তিবদ্ধ হ’ব বিচাৰিছে মিয়ামীয়ে। আৰু মেছিয়ে বাৰ্চিলোনালৈ ঘূৰি আহিব বিচাৰে।

আৰ্জেণ্টিনাৰ সাংবাদিক হাৰ্নান কাষ্টিলোৰ মতে, মেছিয়ে ইণ্টাৰ মিয়ামিলৈ যোৱাৰ সম্ভাৱনা বেছি। দক্ষিণ ফ্ল’ৰিডাৰ এই ক্লাবটোও মেছি আৰু তেওঁৰ পৰিয়ালৰ প্ৰিয়। মেছিৰ পত্নী এণ্টনেলা ৰ’কুজ’ই বিচাৰে যে তেওঁৰ স্বামীয়ে ইণ্টাৰ মিয়ামিৰ হৈ খেলিব। লেটিন বন্ধুত্বপূৰ্ণ পৰিৱেশ, সমাজ, সকলোবোৰ মেছি আৰু তেওঁৰ পৰিয়ালে অতিশয় ভাল পায়।

Share to your Social Account