গুৱাহাটীৰ পানী যোগান প্ৰকল্প নিৰ্মাণৰ ন্যায়িক আৰু কাৰিকৰী তদন্তৰ দাবী জাতীয় পৰিষদৰ

লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি কয় যে হাজাৰৰো অধিক কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা পানী যোগান প্ৰকল্পত ইমান গুৰুতৰ কাৰিকৰী বিসংগতি থকাটো আশ্চৰ্যকজনক৷

Share to your Social Account

গুৱাহাটী, ১২ জুন: পানী যোগানৰ পাইপ ফাটি গুৱাহাটীত আজি পুনৰ জলপ্ৰলয়ৰ সৃষ্টি হোৱা ঘটনাত গভীৰ উদ্বিগ্নতা ব্যক্ত কৰিছে অসম জাতীয় পৰিষদে৷

দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি কয় যে হাজাৰৰো অধিক কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা পানী যোগান প্ৰকল্পত ইমান গুৰুতৰ কাৰিকৰী বিসংগতি থকাটো আশ্চৰ্যকজনক৷

গগৈ আৰু ভূঞাই আজি এক প্ৰেছ বিজ্ঞপ্তিত কয়, “১৮ দিনৰ ব্যৱধানত খাৰঘুলি আৰু ৰাজগড়়ত দুটাকৈ বৃহৎ জলবিস্ফোৰণ আৰু উক্ত সময়ছোৱাত মালিগাঁও, উত্তৰ গুৱাহাটী, নৱগ্ৰহ আৰু নাৰেংগীত আন চাৰিটা মজলীয়া ধৰণৰ জলবিস্ফোৰণ সংঘটিত হোৱাটোৱে পানী যোগান প্ৰকল্প নিৰ্মাণত বৃহৎ কাৰিকৰী বিসংগতি থকাৰ কথাটোকে প্ৰমাণ কৰে৷”

লগতে কয়, “জাইকা আৰু লুই বাৰ্জাৰ কেলেংকাৰীয়ে কলুষিত কৰা গুৱাহাটীৰ পানী যোগান প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ আৰম্ভণিৰে পৰা উঠি আহিছিল৷ এতিয়া কাৰিকৰী বিসংগতিৰ কথাটোও ওলাই পৰিল৷ গতিকে ইয়াৰ ন্যায়িক আৰু কাৰিকৰী উভয় দিশত উচ্চ পৰ্যায়ৰ তদন্ত হোৱা প্ৰয়োজন৷”

পানী যোগান প্ৰকল্প নিৰ্মাণৰ প্ৰকল্প অনুমোদন, ঠিকা-উপঠিকা আৱন্টন আৰু সামগ্ৰী ক্ৰয় আদি ক্ষেত্ৰত সংঘটিত অনিয়মৰ উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰোৱাৰ দাবী উত্থাপন কৰি জাতীয় পৰিষদৰ নেতাদ্বয়ে কয় যে দুৰ্নীতি-অনিয়মৰ ন্যায়িক তদন্তৰ সমান্তৰালকৈ কাৰিকৰী অনিয়ম আৰু গাফিলতিৰ বিষয়টো তদন্ত কৰিবলৈ আই আই টি তথা অন্য কাৰিকৰী সংস্থাৰ নিৰপেক্ষ বিশেষজ্ঞসকলক লৈ এখন বিশেষজ্ঞ সমিতি গঠন কৰি তাৰ দ্বাৰা কাৰিকৰী তদন্ত কৰোওৱাৰ প্ৰয়োজন৷ন্যায়িক আৰু কাৰিকৰী উভয় দিশৰ তদন্ত বিচাৰি জাতীয় পৰিষদে অহা দুই-এদিনত অসমৰ ৰাজ্যপাললৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিব বুলি জাতীয় পৰিষদৰ নেতাদ্বয়ে আজি প্ৰেছ বিজ্ঞপ্তিযোগে সদৰী কৰে৷

Share to your Social Account