Home / Regional / Assam / গোৱালপাৰাৰ বিজেপি কৰ্মীৰ হত্যাৰে জড়িতৰ সন্দেহত হাছানুৰ ইছলাম নামৰ এজনক গ্ৰেপ্তাৰ

গোৱালপাৰাৰ বিজেপি কৰ্মীৰ হত্যাৰে জড়িতৰ সন্দেহত হাছানুৰ ইছলাম নামৰ এজনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ১২ জুনঃ গোৱালপাৰা বিজেপিৰ সম্পাদিকাৰ নৃশংস হত্যাকাণ্ডৰে জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছে এজন লোকক । হাছানুৰ ইছলাম নামৰ‌ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । ইতিমধ্যে ধৃত হাছানুৰক আদালতত হাজিৰ কৰোৱাই নিজৰ জিম্মাত লৈছে আৰক্ষীয়ে।‌ হাছানুৰক জেৰাৰ পাছত বহু কথা পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে দেওবাৰে নিশা জোনালী নাথ‌ নামৰ বিজেপি কৰ্মীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত । এই ঘটনাক লৈ বৰ্তমানেও অব্যাহত আছে চাঞ্চল্য । সন্দেহ প্ৰকাশ কৰা হৈছে যে ধৰ্ষণ কৰি হত্যা কৰা হৈছিল বিজেপি কৰ্মীগৰাকীক । এই ঘটনাৰে জড়িত থকা দোষীক চিনাক্ত কৰি কঠোৰ শাস্তি বিহাৰ দাবী উঠিছে ৰাজ্যজুৰি।

জানিব পৰা মতে নিজ গৃহৰ পৰা দেওবাৰে বিয়লি ৪.৩০ মান বজাত ওলাই গৈছিল জোনালী। ইয়াৰ পাছৰে পৰা জোনালীৰ সৈতে পৰিয়ালৰ সংযোগ বিচ্ছিন্ন হৈ পৰে। অৱশেষত নিশা জোনালীৰ পৰিয়ালৰ লোক মাটিয়া থানাত উপস্থিত হৈ বিষয়টো আৰক্ষীক অৱগত কৰে । আৰক্ষীয়ে চলোৱা অনুসন্ধানত গোৱালপাৰা জিলাৰকৃষ্ণাইৰ শালপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উদ্ধাৰ কৰা হয় বিজেপি নেত্ৰীগৰাকীৰ মৃতদেহ ।

Share to your Social Account
Tagged: