নিউজ ডেস্ক, ১২ জুনঃ মণিপুৰৰ হিংসাক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১৪ জুনত নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সূত্ৰই সদৰী কৰিছে যে বৈঠকত শৰ্মাই শ্বাহক মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰিব।
শৰ্মাই শেহতীয়াকৈ মণিপুৰ ভ্ৰমণ কৰি ইম্ফলত মুখ্যমন্ত্ৰী এন বীৰেন সিঙকে ধৰি ৰাজ্যখনৰ সকলো অংশীদাৰৰ সৈতে বাৰ্তালাপ কৰে । নৰ্থ ইষ্ট ডেমক্ৰেটিক এলায়েন্সৰ (নNEDA) আহ্বায়ক শৰ্মাক গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰ ভ্ৰমণ কৰিবলৈ আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় পদক্ষেপৰ পৰামৰ্শ দিবলৈ দায়িত্ব দিছে।
মণিপুৰৰ বহুতো জাতিগত সম্প্ৰদায় আৰু ৰাজনৈতিক নেতাৰ মাজত শৰ্মাৰ প্ৰভাৱ আছে বুলি কোৱা হয়। মণিপুৰ ভ্ৰমণৰ পিছত শৰ্মাই জানিবলৈ দিয়ে যে তেওঁ দিল্লীত গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব আৰু ৰাজ্যখনৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰিব। ইফালে, ৰাজ্যখনত এখন শান্তি সমিতি গঠনক লৈ বিতৰ্কৰ সৃষ্টি হৈছে।
কিছু লোকে অভিযোগ কৰিছে যে তেওঁলোকৰ সৈতে কোনো ধৰণৰ পৰামৰ্শ নোলোৱাকৈ তেওঁলোকৰ নাম সমিতিত অন্তৰ্ভুক্ত কৰা হৈছে । আনহাতে কিছু লোকে কয় যে মণিপুৰৰ মুখ্যমন্ত্ৰীক সমিতিৰ সহ-সভাপতি হিচাপে নিযুক্তি দিয়াটো এক আপত্তিৰ বিষয়।
মুখ্যমন্ত্ৰী এন বীৰেন সিঙক ৫১ জনীয়া শান্তি সমিতিত অন্তৰ্ভুক্ত কৰাৰ ঘটনাক গৰিহণা দি ইণ্ডিজেনাছ ট্ৰাইবেল লিডাৰ্ছ ফ’ৰামে (আইটিএলএফ) অভিযোগ কৰে যে সিং হৈছে “বৰ্তমানৰ হিংসাৰ অপৰাধী।” আইটিএলএফে কয়, “মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ অধীনত শাসক যন্ত্ৰ মণিপুৰত হিংসা বৃদ্ধিৰ বাবে দায়বদ্ধ আছিল।”